পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
কানীয়াৰ কীৰ্ত্তন

 সাধনী। — কেতেবেলি-মানে উঠিব?

 বিকা। — আকও গধূলি যেতিয়া পাণ খাবৰ পৰ হব। আমাৰ ডাঙ্গৰীয়াৰ ৰাতিয়ে দিন, দিনে ৰাতি, তোমালোকে জানো ভু নো পোৱাঁ।

 সাধনী। — ওৰে-ৰাতি নো শোৱে নে?

 বিকা। — ইমান তো আকও সুধিছা হে? পাণৰ কঠীৰ মুঠা দেখা নাই নে? তেওঁবিলাকে জানিবা বৰ-লোকালি কৰে, টোপনিয়াওঁতে আমাৰ দেহ মৰে।

 সাধনী। — গধূলি হল, আমি যাওঁ গৈ, শুদাতে বহি থাকিলে কি হব? আজি তিন দিন মানুহ লৈ আহি ডাঙ্গৰীয়াৰ লগ নে পাই উলটি যাওঁ, এনেকৈ হ’লে কুম্পানিৰ খাজনা কেনেকৈ উঠিব?

[সাধনী-টেকেলাৰ প্ৰস্থান। ]

(বুকুত চাপৰাচ, আৰু মূৰত কলা টুপি-পিন্ধা এটা
পিয়দাৰ প্ৰবেশ)

 [বহিবলৈ এমুঠা বুৰলি খেৰ টানোতে এটা নাইপিয়া ওলাই লৰমৰা দেখি খেৰ এৰি পিয়দাৰ জাঁপ]

 পিয়দা। — আৰে! খেৰৰ তলমে নাইপিয়া লুকাই ৰাখ্‌তা, আদ্‌মি লোকক খুন কৰিবলৈ।

 বিকা। — নাইপিয়ালৈকে পিয়দা মোচাইৰ ইমান ভয়, বাঘ দেখা হলে কি হলহেঁতেন কবই নোৱাৰি।