পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
কানীয়াৰ কীৰ্ত্তন

তাৰেপৰা গাৰ বিখত দেহ গৈছে। ডাঙ্গৰীয়াৰ ঘৰত সৰুৰেপেৰা ধিতিঙ্গালিকৈ থাকি আমি মানুহ গুচিলোঁ।

 কাতী। — এ! ককাই, কানি-টিকিৰা দুটামান খাই দেচোন, এতিয়াই বিখ-কোপ কলবা যাব।

 মঙ্গ। — ঈহ! কানি-টিকিৰাই বিখ গুচাব খুজিছে, শুদাতে টিকিৰা এটা খাই কানীয়া হওঁ কেলেই।

 কাতী। — এ! তই মোৰ কথা ন পতিয়া! টেকেলা কাইক সোধচোন, সিদিনা মোৰ পানী লাগি নাকে-কাণে তাল মাৰি ধৰিছিল। টেকেলা কাইৰ এখেত আহি টিকিৰা দুটামান খালতেই ভাল হল। সেই দিনাৰেপেৰা মোৰ গা-মূৰ বেয়া কৰিলে টিকিৰা দুটামান খাই দিওঁ, ততালিকে ভাল হয়। আমাৰ চহাৰ মানত ই নগাজোনৰ বৰিত-কৈও বঢ়া।

 বিহু। — হয়, তই খাচোন, গাৰ বিখ নু গুচে যদি তেতিয়া মোক ধৰিবি।

 মঙ্গ। — হয় নে ককাই? তেন্তে বাৰু টিকিৰা দুটামান দেচোন, খাই চাওঁ। (টিকিৰাত হোঁপা মাৰি) ঈহ! মোৰ মূৰটো ঘূৰাইছে; ৰাম ৰাম। আজি যি খালোঁ, বুপাই, আজিৰপৰা ইয়াক নে খাওঁ, কেনেবাকৈ কানীয়া হৈ পৰিম পাচে।

 বিহু। — হ যদি হবি, কানিয়া হলে নো কি হব?

 মঙ্গ। — ৰ, কানীয়া হলে কি হয় দেখিবি। ৰংপুৰত