পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
কানীয়াৰ কীৰ্ত্তন

জন-মান ভকতক আমৰলীয়া হাঁহেৰে চাউল খুৱাব। ঘাইকৈ এফেৰি কানীয়া-সেৱা কৰিব।

 ললিতা। — কানীয়া-সেৱা কি?

 মঙ্গলতী। — এ! আই, কানীয়া-সেৱা নো কি, তাকো নে জানে!

 ললিতা। — সি নো কি বুজাই কচোন বাই।

 মঙ্গলতী। — গধূলি পাঁচ জন বা সাত জন কানীয়া ভকতক কানি-পাণ খুৱাই একে-ৰদীয়া ভাল কোমল-চাউল, মহৰ এঠা-গাখীৰ, মালভোগ-কল, গুড়, এই বিলাকেৰে তেওঁলোকক আকণ্ঠ পূৰাই জলপান কৰাব লাগে। ইয়াৰে নাম কানীয়া-সেৱা। ইয়াৰ সমান ডাঙ্গৰ কাম নাই। মিঠৈ-বন্ধা বৰ সবাহ, পাল-নাম, হীৰা-নাম, একো ইয়াৰ সমান ন হয়। এই কেইটা কাম কৰিলেই বাপা ভাল হব।

 ললিতা। — বাৰু আই, মই এতিয়াই এটাইখিনি কৰিবলৈ আগ কৰিলোঁ, মোৰ লৰা ভাল হোক মাথোন।

 মঙ্গলতী। — এতিয়া তামোল-ছালি কি আছে, দিয়ক, মই যাওঁ।

[দুইৰো প্ৰস্থান]