পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
কানীয়াৰ কীৰ্ত্তন

তই এৰা মাত্ৰে গাত নে থাকিব তত্‌।
হামি-হাঁচি-কাহৈ ধৰি কৰিব বিতত্‌॥
অৰুচি, এলাহ আৰু কলা-ঘুমটীয়া।
চুৰ-কৰা, মিছা-কোৱা তোৰ লগৰীয়া॥
তোৰ ৰসৰ বশ যিবিলাক লোক।
সকলোকে এৰি ভজিব মাথোন তোক॥
ধন, ধান, পুত্ৰ, ভাৰ্য্যা এৰিব যদিও পাৰে।
তোক এৰি এখন্তেকো থাকিব নোৱাৰে॥
এই ৰূপে ৰাজ্য গৈ কৰ পৃথিৱীত।
নে জানিব কেৱে, তই হিত নে অহিত॥

 পাণ। — ভাল জোৰাতো খুৱাইছে!

 হলধৰ। — তাৰ বুধিটো বৰ চোকা, কথা কৈ যাওঁতেই পদ হৈ যায়।

 গদা। — বোলে, "অভ্যাসৰ নৰ, কৰ্ণৰ পথে কৰে শৰ", সদায় তাৰ তাতে অভ্যাস, ন হব কিয়?

 মতি। — আজি দেখোঁ কীৰ্ত্তিকান্ত ইমান বেলিয়েই নাহিল, কিবা হৈছে নে কি?

 ৰতি। — কীৰ্ত্তিয়ে আগেয়ে পাণ একোৰূপে নে খায়, পাণ-খোৱা মানুহকো নিন্দা হে কৰিছিল; আমাতে শিকি এতিয়া আমাতে বিকিব খোজে।

 পাণ। — আজি কালি তেওঁৰ চেনেহৰ ঠাই লঙ্গৰ