পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
তৃতীয় দৰ্শন।

⸻:*:⸻
পদ্মপাণি মহন্তৰ নাম-ঘৰৰ টুপ।

(পদ্মপাণি আৰু চিদাম খাটনিয়াৰৰ প্ৰবেশ)

 চিদা। — (সেৱা কৰি) পৰ্ভুঈশ্বৰ! সেই মণিৰ পিতেক ধনী আৰু অনুৰ পিতেক মনুৰ কথা যে দুখানি চৰণে কোৱা গৈছিল, সিহঁতক আজি অনা হৈছে। সিহঁত শিচ হব খুজিছে। এতিয়া সিহঁতক শৰণ-ভজনখিনি লগালে আমাৰ শ্ৰম সাম্ফল হয়।

 পদ্ম। — আমি মূৰত পানী এলোটা ঢালি দৰব এশোহা খাই কলা এটাৰে তিতাটো মাৰি অহা হৈছে মাথোন, গুৰু- সেৱা-ফেৰিও কৰা নাই, নাম-পৰ্সং যে হোৱাই নাই।

 চিদা। — ন হয় পৰ্ভু! সিবোৰ পাছত হব, ইটো কামত পলম কৰা ভাল ন হয়। পাণ-বৰীয়া গোসাঁইৰ ভকত সিহঁতৰ পাচে লাগিয়েই আছে। সিহঁতৰ চৈধ্য পুৰুষ ৺মহাপুৰুষৰ শুধ সেৱক আছিল, এতিয়া সিহঁত আন পন্থলৈ যোৱা অযুগুত, গলে জীৱৰ অসজ গতি হব, এই বুলি তত কৈ তুংতুঙ্গাই সিহঁতক অনা হৈছে, শৰণ লগোৱাত পলম হলে যদি কেনেবাকৈ সিহঁতৰ মন ফিৰে, তেনে হলে সকলো অসাৰ্থক হব।