পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
কানীয়াৰ কীৰ্ত্তন

বাপু, আমি মহাজন মানুহ, আন কিবা বিৰ্ত্তি আছে নে? শিচ কেইঘৰৰ পৰা যি পাওঁহক সেয়ে হে। তাতে এতিয়া ভাদত দুজনা গুৰুৰ কীৰ্ত্তন, তাৰ পিচতে আতাৰ তিথিও পৰিব, এই দেখি শিচ-গাৱঁলৈ যোৱা হৈছিল।

 ভদ্ৰ। — শৰীৰ দেখো বৰ কৃশ, কি হৈছিল?

 পদ্ম। — এ! ডাঙ্গৰীয়া বাপু, আমাৰ শৰীৰৰ কথা সোধা নে যাব। "বাৰেটা মাহৰ তেৰেটা জগৰ, সদায় নুগুচে এটা লগৰ"। গৃহস্থজনৰ কিবা এফেৰি সেৱা চুৰ কৰিলোহঁক হবলা, সদায় গাৰ নৰিয়াই নুগুচে; তাতে আকৌ কালিৰপৰা পেটৰ কামোৰ, তেজ পৰিছে। মানুহ এগৰাকীয়ে বুধি দিলে, বোলে, ভালবাৰী-কানি এফেৰি খাই দিলেই তাল মাৰি ধৰিব। এতিয়ালৈকে জানিবা, গৃহস্থৰ চৰণে কানি, ভাং, ধঁপাত, এই কেইটা বস্তু নোখোৱাকৈ ৰাখিছে, এতিয়া টানত পৰি অষধৰ বাবে নেখালে নোৱৰা হৈছোঁহঁক; তাতে পোহাৰলৈ পঠালোঁ, তাতো ভাল কানি নেপালে, কিবা ফপুৱা এসোপা আনিলে, তাৰ একো গুণ নাই; এই দেখি এখেত কেনেবাকৈ বাৰীয়লীয়া কানি আছে বুলি ভু লবলৈ হে আহিছোঁহঁক।

 ভদ্ৰ। — (মনে মনে) মহাজন কি ভণ্ড। কানি খায়, তেও সৈ নেকাঢ়ে। আজি-কালি সন্ত, মহন্ত, একো চিনিব নোৱৰা হল। কানি সাত সুৰাৰ লগৰ এক সুৰা, তাকো আমাৰ মহন্তসকলে খাবলৈ ধৰিলে, এইবোৰ মহাজনে