এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯১
কদম-কলি
কৰে ঐ ৰতনী, কৰে ঐ শাখিনী,
কিনো কুটেশালে তই!
সকলে লুটিলে ধনাইকে বধিলি,
কেনেকৈ জী থাকে মই।
পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই,
লতা বগাবলৈ টান;
ৰতনী সোণাইকে বৰাব পাৰোঁ মই.
মাকক বুজাবলৈ টান।
বগাকৈ বগলী উৰে কেনে কৰি
পাখিতে পাখি লগাই;
কাৰে নে উৰিব ধনবৰ দুখীয়া,
ৰতনী লগতে নাই!
ফেনে-ফোটোকাৰে বৰ লুইত হৈছে,
বুকুত লৈ খাগৰিৰ জাঁজি,
বুক উদং কৰি ৰতনী গলে মোৰ,
কাকে লৈ ৰৈ যাম মই আজি
পূবৰে পচোৱা চাটি মাৰি গলে,
ধানতে থৈ গলে ঠোক;
ধনাইৰে মনাইকে চাটি মাৰি ৰতনী,
মনতে দি গলে শোক।