এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৩
কদম-কলি
নিজৰ দৰব নিজতে নাফাপে,
লোকক দিবলৈ যোৱা?
নিজেই ভিকহু, টেকেলি কাতি!
আনক নো কি বিলোৱা!
* * *
খপিলে উজ্জ্বল হয় সোণৰ বৰণ।
বিপদত পোৱা যায় বন্ধুৰ চিনন॥
* * *
ভাল ভাগ জীৱনত নিশ্চয় সৰহ।
জুখি চোৱাঁ, শেহ ফল পাবা ওগাইৰহ॥
* * *
সজ কাম, বৰ কাম, অজৰ অমৰ।
থাকে যেন চিৰকাল চন্দ্ৰ দিবাকৰ॥
* * *
অশোক অন্তৰে পায় দীঘল জীৱন!
শেক-ভৰা হিয়া শীঘ্ৰে হয় বিনাশন॥
* * *
গোলাপে শুৱায় সুন্দৰ ফুলনি।
প্ৰেমে শুৱায় মানুহৰ জীৱনী।
* * *