মধ্যে চন্দ্ৰ, বামনাদি অৰতাৰকো প্ৰভাবৰ অতিশয় মাত্ৰ কহিতে বিভূতি বুলি কহিলা। বেদৰ মধ্যত সাম বেদ, দেবৰ মধ্যত ইন্দ্ৰ, ভূতৰ সম্বন্ধি জ্ঞানশক্তি, ইন্দ্ৰিয়ৰ মধ্যত মন, ৰুদ্ৰৰ মধ্যত শঙ্কৰ, যক্ষ ৰাক্ষসৰ মধ্যত কুবেৰ, অষ্টবসুৰ মধ্যত অগ্নি, উচ্চ পৰ্ব্বতৰ মধ্যত মেৰু, পুৰোহিতৰ মধ্যত বৃহস্পতি, সেনাপতিৰ মধ্যে কাৰ্ত্তিকেয়, সৰোবৰ মধ্যে সমুদ্ৰ, মহৰ্ষিৰ মধ্যে ভৃগু, বচন মধ্যে প্ৰণব, দেবৰ্ষিৰ মধ্য নাৰদ, সিদ্ধমধ্যে কপিল, অশ্বমধ্যে উচ্চৈঃশ্ৰবা গজেন্দ্ৰ মধ্য ঐৰাবত, মনুষ্য মধ্যে ৰাজা, আয়ুধমধ্যে বজ্ৰ, ধেনুমধ্যে কামধেনু, পুত্ৰোৎপত্তিহেতু কাম, সৰ্পমধ্যে বাসুকি, নাগমধ্যে অনন্ত, জলজন্তুৰাজা বৰুণ, পিতৃৰ ৰাজা অৰ্য্যমা, নিয়ম কৰন্তাৰ মধ্যে যম, দৈত্যমধ্যে প্ৰহ্লাদ, বশ্যকৰন্তাৰ মধ্যে কাল, মৃগমধ্যে সিংহ, পক্ষীমধ্যে গৰুড়, বেগবন্তৰ মধ্যে বায়ু, শস্ত্ৰধাৰী মধ্যে শ্ৰীৰাম, মৎস্য মধ্যে মকৰ, নদীমধ্যে গঙ্গা, আকাশাদি পঞ্চ মহাভূতৰ আদি অন্ত মধ্য, বিদ্যাৰ মধ্যে আত্মবিদ্যা, জল্পবাদবিতণ্ডা মধ্যে বাদ৷ যাত দুয়ো বাদীয়ে আপুনাৰ পক্ষ ৰাখে, পৰপক্ষক যুক্তি দিয়া খণ্ডে তাক জল্প বুলি। যাত দুয়োজনে আত্মপক্ষ ৰক্ষা নকৰে, আন পক্ষক দূষণ কৰে তাক বিতণ্ডা বুলি। যাত দুয়োজনে আগ্ৰহ এড়ি তত্ত্বনিৰূপণ কৰে তাক বাদ কহি। অক্ষৰমধ্যে অকাৰ, সমাসমধ্যে দ্বন্দ্বসমাস, প্ৰবাহৰূপে অক্ষয় কাল, কৰ্ম্মফল বিধায়ক মধ্যে সৰ্ব্বকৰ্ম্মবিধাতা মঞি। সংহাৰক মধ্যে সৰ্ব্বসংহৰ্ত্তা মৃত্যু, ভাবি কল্যাণৰ মধ্যে অভ্যুদয়, স্ত্ৰীৰ মধ্যে শ্ৰী, কীৰ্ত্তি, সৰস্বতী, ধৃতি, মেধা, স্মৃতি ক্ষমাৰূপ সপ্ত দেবতা মঞি। সামবেদ মধ্যে বৃহৎসাম, ছন্দ-