সোনকালে অফিছলৈ আহি ডেনিয়েলে দেখিলে, — মাথোন অনন্তমোহন আহিছে। মৃত টেলিফোন এটাৰ ক্ৰেডেলত তেওঁক চপৰিয়াই থকা দেখা গৈছে। যেন আৰু দুবাৰমান আঘাত কৰিব পাৰিলেই তাৰ মাজেৰে প্ৰাণ সঞ্চাৰিত হ'ব।
“টেলিফোনটো ডেড”—অনন্তমোহনে বিৰক্তিৰে ক'লে,—“লিফটখনো বেয়া হৈ আছে। এনেকুৱা দিনত কামৰ মানুহ পোৱাই মস্কিল।”
“ৱাচ্চমেনজনক পঠিয়াব নোৱাৰিনে?”—ডেনিয়েলে সুধিলে।
“আজি সিও ক’ৰবালৈ ওলাই গৈছে। এটা কাম কৰোঁ, মই বৰং নিজেই গৈ কিবা এটা বন্দৱস্ত কৰি আহোঁ।”
কিছু সময়ৰ বাবে ডেনিয়েল অকলশৰীয়া হ’ল। বেলুৰ মঠৰ কথাটো যেনিবা বেলেগ, কিন্তু চিত্তৰঞ্জন এভিনিউৰ দৰে প্ৰাণচঞ্চল এলেকা এটাত আমন-জিমনকৈ থাকিবলৈ তেওঁৰ ভাল নালাগিল৷ তেওঁ দক্ষিণৰ ফালৰ খিৰিকিখনেৰে তলৰ ৰাস্তাটোলৈ চালে।
ওপৰৰপৰা চালে বনছাই যেন লগা একো-একোজন মানুহ। গুবৰুৱা পোকটোৰ সমান একোখন মটৰ। তাৰ মাজতো কেনেবাকৈ দুই-এজনক চিনি উলিয়াব পাৰি।
আৰু তেনেকৈয়ে তেওঁৰ চকামকাকৈ এবাৰ বৃন্দাক দেখা যেন লাগিল। কিন্তু পাছ মুহূৰ্ততে তাই যেন জনছন কুৰিয়াৰ এণ্ড কাৰগ’ লিমিটেড নামৰ কোম্পানি এটাৰ প্ৰকাণ্ড হ’ৰ্ডিং এখনৰ আঁৰত অদৃশ্য হৈ গ'ল। যিটো ফাকেৰে তাই পুনৰ দৃশ্যমান হ’ব পাৰিলেহেঁতেন, বাছ এখনে সেই ফাকটো সাময়িকভাৱে ঢাকি ধৰিলে। প্লাইব’ৰ্ডেৰে নিৰ্মিত আমিৰ খানৰ বিশাল কাট-আউট এটাৰ তলেৰে তেওঁ এবাৰ বৃন্দাক চাবলৈ চেষ্টা কৰিলে।
হয়, সেইজনী বৃন্দা আহি আছে।
যান্ত্ৰিক বিজুতিৰ বাবে লিফট যিহেতু বিকল, গতিকে তাই ছিৰি বগায়েই উঠিবলৈ ধৰিছে। শেষৰ ছিৰিকেইটাত তাইৰ ফোপনি উঠিছে। এই অক্টোবৰ মাহতো তাইৰ গাল দুখনত বিৰিঙি উঠিছে বিন্দু-বিন্দু কিছু দুষ্প্ৰাপ্য ঘামৰ মুকুতা। সেই ঘামত তিতি তাইৰ কাণৰ আগেদি বাগৰি যোৱা দুই -তিনিডাল চুলি লিপিট খাই ধৰিছে।
দহ মিনিট ডেনিয়েলৰ সৈতে কথা পাতি, ওপৰঞ্চি পোন্ধৰ মিনিট অনন্তমোহনলৈ অপেক্ষা কৰি তাই পুনৰ ছিৰি বগাই নামি গ'ল।
আৰু তাৰ ঠিক কেইটামান মুহূৰ্তৰ পাছত প্ৰায় বাৎসল্যসুলভ চপলতাৰে একপ্ৰকাৰ উধাতু খাই সেই ছিৰিৰে উঠি আহিল অনন্তমোহন। আহিয়েই তেওঁ ডেনিয়েলক সুধিলে –“বৃন্দা আহিছিল?”
ডেনিয়েলে মূৰ দুপিয়ালে।
এক ধৰণৰ বুজাব নোৱৰা সুখৰ আতিশয্যৰ অভিব্যক্তি প্ৰকাশ কৰি অনন্তমোহনে ক’লে,—“আস! তুমি বিশ্বাস কৰিবানে ডেনিয়েল, এইমাত্ৰ মোৰ নিচেই কাষেৰে তাই মোক নেদেখাকৈ পাৰ হৈ গ'ল আৰু মই দেখিও তাইক মাতিব নোৱাৰিলো।”