অনিশ্চয়তাৰ এটা ভয়ে মোৰ হাত-ভৰিবোৰ চেঁচা কৰি আনে। অৱশ্যে তালৈ মোৰ
পুতৌও ওপজে। কিয়নো মোৰ শহুৰ দেউতাৰ ত্যাগৰ বিনিময়ত দেশীয় চৰকাৰে
আসন সংৰক্ষণৰ যি সুবিধা আগবঢ়াইছে, সেইটো লাভ কৰিছে বাবনে, চন্দনৰ বেলিকা
সেই সুযোগ নাই।
পাঁচ
কুকিয়ে ভূচিত্ৰাৱলীখন আনিছে। আখৰবোৰ মই চকুৰে মনিব পৰা নাই। অনুমান কৰি গুলপীয়া ৰঙৰ ভূখণ্ড এটা দেখুৱাই কৈছোঁ,—“ভালকৈ চাচোন কি লিখা আছে?”
বিচিত্ৰ ৰং আৰু বিভিন্ন আকৃতিৰ আখৰৰ হেঁচাত সি হয়তো অলপ বিভ্ৰান্ত হৈছে। মই পুনৰ ক’বলৈ ধৰিছোঁ,—“এইখনেই হ’ব লাগে বুজিছ, এইখনেই আমেৰিকা, ইয়াতেই ক’ৰবাত এৰিজোনা নামৰ এখন ঠাই—, ভালকৈ চাচোন কুকি, পাইছনে?”
কেইবাখনো দেশ আৰু ৰাজধানীৰ নাম সি ভুলকৈ আৰু অস্পষ্টকৈ পঢ়িছে। আৰু হঠাৎ এবাৰ সি আনন্দতে জঁপিয়াই উঠাৰ ভংগীত গাটো জোকাৰি কৈছে,—“আইতা, এয়া পাইছোঁ আমেৰিকা।”
“ইয়াতেই, বুজিছ কুকি, ইয়াতেই আমাৰ বাবন থাকে” — কথাষাৰ কওঁতে মই একপ্ৰকাৰ শিশুসুলভ আচৰণ কৰিলো। একধৰণৰ আনন্দৰ আতিশয্য প্ৰকাশ কৰি মই পুনৰ ক'বলৈ ধৰিলো,—“এইবাৰ পূজাৰ সময়তেই সি আহিব হ’বলা। সি আহিলে তাৰ লগতেই মই গুচি যামগৈ।”
“ক’লৈ?”— সি সুধিলে।
“আমেৰিকালৈ আকৌ!”— মই ক'লো।
“চন্দন মামা?”— সি পুনৰ সুধিলে। প্ৰশ্নটোত মোৰ উচ্ছ্বাস কিছু স্তিমিত হৈ পৰিল। পলকতে মই এখন কল্পনাৰ পৃথিৱীৰ পৰা এগৰাকী আদহীয়া মহিলাৰ বয়সলৈ প্ৰত্যাৱৰ্তন কৰিলো। মোৰ সাময়িক মৌনতাক কুকিয়ে ভ্ৰূক্ষেপ নকৰিলে। ভূচিত্ৰাৱলীখন এৰি অন্য কিছুমান সামগ্ৰীৰ সহযোগত সি তাৰ নিজৰ মনোজগতত ব্যস্ত হৈ পৰিল।
“টিকট দুখন কি কৰিলি?”— কথাটো মই তাক এনেয়ে এবাৰ সুধিলো।
“কি টিকট?”— সি ওভোতাই সুধিলে।
“সিদিনাযে দিছিলো আমেৰিকাৰ টিকট দুখন”—মই সোঁৱৰাই দিবলৈ চেষ্টা কৰিলো।
“সেই দুখন দেখোন আমাৰ দেশৰহে টিকট, আমেৰিকাৰ নহয়েই”— সি মোক এটা জোকাৰণি দিলে।
“আমেৰিকাৰ নহয়? কোনে ক’লে?”—মই অস্থিৰ হৈ উঠিলো।
“দেউতাই।”— সি নিৰ্বিকাৰভাৱে ক'লে।