আৰু হঠাৎ এখন পুৰণি,—পুৰণি হ'লেও চাকচিক্য অটুট থকা এখন মাৰুতি এইট হানড্ৰেড
মোৰ গা চোওঁ-চোওঁকৈ ৰৈ গ'ল। আৰু ভিতৰৰপৰা কোনোবাই চিঞৰি মাতিছে—
“আব্বে ললিত।”
“আৰে চাংকু দেখোন! কিমান দিনৰ মূৰত যে দেখা পালো।”
“আবে দিন নহয়, বছৰ বুলি ক, বছৰ বুলি ক।”
“কিন্তু তই ক’ৰপৰা ওলালিহি?”
“আগেয়ে উঠ। তইতো উজানবজাৰতে থাক?”
“অঁ।”
বহুদিন মই এনেকুৱা গাড়ীত উঠা নাই। মায়াক লৈ কেতিয়াবা এনেকৈ উঠি দূৰৰ ক’ৰবালৈ যাবলৈ মন যায়। আমাৰ দৰে নিম্ন মধ্যবিত্ত লোকৰ আৰুনো কিমান ডাঙৰ সপোন থাকিব পাৰে?
মোৰ কল্পনাৰ তৰংগত এটা মৃদু আলোড়নৰ সৃষ্টি কৰি চাংকুৱে সুধিলে, – “মায়া ভালে আছে?”
“আছে। আজি কিন্তু তই সোমাই যাব লাগিব।”
“ওহোঁ, আজি নহয়, আজি আন এফালে কাম আছে।”
“অন্ততঃ একাপ চাহ?”
“নাই নাই, আজি নহয়। মই আহিম বুজিছ, মিছেছক লৈ আহিম। লুচি ভাজি থ’বি। ফুলকবি ভাজি এখন কৰি থ’বলৈ ক’বি। কিন্তু কোনদিনা আহিম সেইটো ফোনত জনাম।”
“হ’ব দে।”
উজানবজাৰ চাৰিআলিত গাড়ীখন ৰৈ গ'ল। চাংকুৱে গাড়ীৰ দুৱাৰখন খুলি মোক তাৰপৰা ওলাবলৈ সুবিধা কৰি দিলে। আৰু মই কৃতজ্ঞতাৰ ভাব এটা প্ৰকাশ কৰিবলৈ যো-জা চলাওঁতে চাংকুৱে বাধা দি ক’লে,—“গধূলি সাত বজাৰ পাছততো ঘৰতেই থাক? আহিম বুজিছ, এদিন ফোন কৰি আহিম। আৰু শুন, আমাৰ এওঁক এটা এজেঞ্চি লোৱাই দিছোঁ। তহঁতৰ দুয়োৰে নামত পলিছি দুখন কৰাই ল’ম।”
এখন্তেক ৰৈ মই লক্ষ্য কৰিলো, এটা জবৰদস্ত ট্ৰেফিকজামৰ মাজৰপৰা কৌশলেৰে মুক্ত হৈ চাংকুৰ গাড়ীখন ক্ষিপ্ৰবেগেৰে গতি কৰিছে। তাৰ পিছে-পিছে হৰ্ণ বজাই-বজাই আৰু এখন, আৰু এখন, আৰু এখন।
প্ৰান্তিক, অক্টোবৰ, ২০০২