তাৰ পাছত এদিন মোৰ মনটোৰে গোটাব পৰা সকলো শক্তি আৰু সাহস ওঁঠত থূপ খুৱাই তাইক ক’লো,— “আপোনাক এই চছমাযোৰেৰে ভাল নালাগে। ফ্ৰেমটো সলাই ল’লে ধুনীয়া দেখিব। সিদিনা বৰষুণত আপুনি চছমাযোৰ খুলি হাতত লওঁতে আপোনাক ধুনীয়া দেখিছিলো।”
“ধন্যবাদ। তথাপি এই ফ্ৰেমটো মই নসলাওঁ।”
“কিয়?”
“এইটো ফ্ৰেম অনাময়ে ভাল পায়। আপুনি তেওঁক দেখিছে? মই তেওঁৰ কাৰণে প্ৰায়েই ইয়াত ৰৈ থাকোঁ।”
মই অনাময় চৌধুৰীক দেখা নাই। খবৰ লৈ জানিব পাৰিছোঁ, তেওঁ জীৱন বীমা কোম্পানিৰ ফাঁচীবজাৰ শাখাত চাকৰি কৰে। মানুহটোৱে নিয়মিত স্বাস্থ্যৰ যত্ন লয়, জেমছ হেডলি ছেজৰ কিতাপ পঢ়ে আৰু অফিচ ছুটীৰ পাছতো অফিছৰ কাম কৰি ভাল পায়। সম্প্ৰতি তেওঁ নয়নাক লগ পাবলৈ অফিছ ছুটীৰ পাছত মহামায়া ৰেষ্টুৰেণ্টৰ ফালে লাহে লাহে খোজকাঢ়িবলৈ অভ্যাস কৰিছে।
তেনেহ’লে নামটো হ'লগৈ নয়না! এই নামটো আৱিষ্কাৰ কৰাৰ আঠদিন পাছত ছোৱালীজনীক আকৌ ৰৈ থকাত পালো।
“এইকেইদিন ক’ৰবালৈ গৈছিল?”
“নাই যোৱা। ৰ’বলগীয়াহে হোৱা নাছিল।”
“কিয়?”
“অনাময় অফিছৰ কামত কলিকতালৈ গৈছিল।”
“আপুনি ইমান আগতীয়াকৈ আহি ৰৈ থাকে কিয়?”
“মই ঠিক সময়তেই আহোঁ। তেওঁহে পলম কৰে।”
“ভালেই কৰে। ময়ো শিৱাংগীৰ কাৰণে এসময়ত এনেকৈ ৰৈ থাকিবলগীয়াত পৰিছিলো।”
“এতিয়া?”
“এতিয়া,— মানে কিছুদিনৰ পৰা—ময়ো আপোনাৰ অনাময় অহালৈ বাট চাবলৈ শিকিছোঁ।”
এই বাক্যটোত তাইৰ কোনো প্ৰতিক্ৰিয়া দেখা নগ'ল। শিৱাংগীয়ে বুজি পাবলৈ এনে এষাৰ কথাই যথেষ্ট আছিল। কিন্তু যোৱা ন-দহ বছৰত ডেকা ল'ৰা-ছোৱালীৰ পৃথিৱীখন যথেষ্ট সলনি হৈ গৈছে। সেইযে কায়দা লগাই কথা কোৱা আৰু লিখাৰ চতুৰালি, সেইযে চিঠিৰ কটাকটি আৰু অ'ভাৰ ৰাইটিং, সিবিলাকৰ অৰ্থ উলিওৱাৰ চেষ্টা আৰু ব্যৰ্থ চেষ্টা,