তৎমুহূৰ্ততে সাজু হ’ল।
কিন্তু ঘৰৰ ফটোগ্ৰাফাৰত ভনৰ অকণো ভাৰসা নাই। কোনে কাৰ হাত-মূৰ কাটে তাৰ নিশ্চয়তা নাই। গতিকে ষ্টুডিঅ'ৰ পৰা নাৰায়ণক মতাই আনিব লাগে।
ঠিক কথা। তুলিয়ে শলাগিলে। তেওঁৰ মতে, ঘৰলৈ কেমেৰামেন আহিবই যেতিয়া, তিনিকপিমান ফটো তোলাব পৰা যাব।
তিনিকপি কেলেই? তুলিয়ে বুজাই দিলে, —প্ৰথমতে ঘৰখনৰ অৰিজিনেল মেম্বাৰকেইটাক লৈ একপি, তাৰপাছত দ্বিতীয় পৰ্যায়ত যিসকল লগ লাগিল, অৰ্থাৎ জোঁৱাই-বোৱাৰীহঁতক লৈ একপি, আৰু একেবাৰে শেহত, — মিতিল, বুবলি, মিকু, ডন আৰু লাংখা-লিংখি যিমান আছে—চবকে সাঙুৰি একপি।
আৰু কৰুণা? অস্তিত্ব বিপন্ন যেন দেখি সি চিঞৰি উঠিল।
“তই আটাইকেইখনতে থাকিবি যা।”— দত্তই কৰুণাক আশ্বস্ত কৰি কৰি ক'লে, – “বেগেতে যা, নাৰায়ণক মাতি আনগৈ।”
উলাহত কৰুণা দৌৰি গৈছে। সাজ-পোছাক, চাদৰ-মেখেলা সলাবলগীয়া নাই হোৱা যদিও মহিলা সদস্যসকলে সেইখিনিকে ঠিক-ঠাক কৰাত লাগিছে। তামোল চোবাই চোবাই মূল বাটলৈ ওলাই যোৱা দত্ত পৰিয়ালৰ জোঁৱাই দুজনো ঠিক সময়ত আহি ওলাইছেহি। ৰাজনৰ বন্ধুহঁতে টিপ্পনী দিছে,—“এইটো একদম ফেমিলি মেটাৰ। ৰাজনক থৈ আমিকেইটাই পাক এটা মাৰি আহোঁগৈ ব’ল।”
আচলতে ইমানপৰে সিহঁতে ছিগাৰেটৰ সুবিধাকণ কৰিব পৰা নাছিল। এতিয়া যেনিবা এটা সুযোগহে ওলাল!
ভনৰ লগৰকেইজনীয়ে অলপ সেমেনা সেমেনি কৰিছিল; মৃদু ধমক এটাৰে তাই সিহঁতক তাইৰ কাষতে বহুৱাই থ’লে।
তেলৰ টিং এটা কঢ়িয়াওঁতে দেৱশীষৰ পেণ্টটোত কেনেবাকৈ তেলৰ দাগ এটা লাগিছিল। দেৱশীষে ভাবিলে, চলি যাব। মতলবটো বুজিব পাৰি শোভনাই তেওঁলৈ চকু ঘোপা কৰি চালে। অগত্যা পেণ্টটো সলাবলগীয়া হ'ল।
মৌৱে উচ্ছ্বসিত হৈ ক'লে, “ফটোখন এন্লাৰ্জ কৰি বন্ধাই থ'ব লাগিব।”
“বন্ধাই থোৱা মানে আজিকালি যে লেমিনেছন কৰাই থয়, তেনেকৈ”— তুলিয়ে ক’লৈ।
বুব্লি, মিকুহঁতে ফটোখনৰ গুৰত্বটো তেনেকৈ উপলব্ধি কৰিব নোৱাৰিলেও আয়োজনটোৰ উত্তাপ অনুভৱ কৰিব ধৰিছে। আৰু সেয়া কৰুণা আহিছে। হাতত কেমেৰা লৈ কৰুণাৰ পিছে পিছে নাৰায়ণ। আহিয়েই সি ওস্তাদী আৰম্ভ কৰি দিছে। কোঠাৰ ভিতৰতনো কেলেই, – ৰ’দকণ আছেই যেতিয়া গুলঞ্চজোপাক বেকগ্ৰাউণ্ডত লৈ বাহিৰত বেছি ভাল হ’ব।