চৌধুৰীক ক’বলৈ মোৰ আৰু এষাৰ কথা মনত পৰিছে। কলেজীয়া দিনৰ
কথা। মনীষাক তেতিয়াও কথাটো কোৱা হোৱা নাই। মোৰ কাম-কাজ, ভাব-
ভংগী দেখি তাই যদি কিবা বুজিছিল, তেন্তে সেয়া আছিল তেনেই অস্বত্তিকৰ
এটা অৱস্থা। অন্ততঃ মই আশ্বত্ত হ’ব পৰাকৈ আমাৰ মাজত একো কথা হোৱা
নাছিল। সুযোগেই বা ক’ত? ফাৰ্ষ্ট ইয়েৰৰ অৰ্থনীতিৰ ক্লাছ কৰি তাই
কৰিড'ৰটোৱেদি যেতিয়া ‘সৈন্য-সামন্ত’ লৈ ওলাই আহে, মই তেতিয়া থাৰ্ড
ইয়েৰৰ পদাৰ্থবিজ্ঞানৰ ক্লাছত সোমাওঁ। মুখামুখি হ’লে ভদ্ৰতাসূচক সম্ভাষণ।
অফ পিৰিয়ডত কেতিয়াবা দহ-পোন্ধৰ মিনিট লগ পাওঁ; কিন্তু মোৰ বুকুৰ ভিতৰত
সেইটো যন্ত্ৰ নহয় যে চুইছ টিপি দিম আৰু নিমিষতে তাৰ পৰা ওলাই আহিব—
মনীষা তোমাক—।
প্ৰথম যিদিনা সুযোগ আহিল, সিদিনা, —প্ৰকৃততে তাৰ আগদিনাৰ পৰাই মোৰ কথা কোৱা যন্ত্ৰটো বিকল হৈ আছিল। আইছক্ৰিম খাই মাত বহি গৈছে। জোৰকৈ কিবা ক’ব খুজিলে চিঁ-চিঁয়াই একোটা অদ্ভুত শব্দ ওলায়। তেনেকৈ আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিব পাৰেনে?
এতিয়া সমস্যাটো হৈছে, এই কথাবোৰ ভাবি থাকিবলৈ মোৰ হাতত অফুৰন্ত সময় আছে। সময়ৰ আধিক্য আৰু সময়ৰ নাটনি দুয়োটাই বিপজ্জনক। এই কেইদিন মই বহুত কিবা-কিবিয়েই ভাবি উলিয়াব পাৰিছোঁ, কিন্তু প্ৰমাণ গোটাই চৌধুৰীৰ সৈতে মৰা বাজিখন জিকিবলৈহে একো কৰিব পৰা নাই৷
এইকেইটা দিন অফিছত কাম-কাজ তেনেই কম। কেতিয়াবা হাজিৰা বহীখনত চহীটো কৰাৰ বাহিৰে অইন কোনো কামেই নাথাকে। বৈশ্যহঁতে অফিছত সোমায়েই তাচ এজাপ উলিয়াই লয়; পিছফালৰ সৰু বাৰাণ্ডাখনত আবেলি চাৰিবজালৈকে চলি থাকে ৰামি, হাজাৰী, টুৱেণ্টি নাইন।
ৰামানুজ ফুকনে বাতৰি কাকতৰ অষ্টম পৃষ্ঠা উলিয়াই শব্দ-শৃংখল কৰিবলৈ বহে। নীলা পদুম— বন্ধনীৰ ভিতৰত চাৰি —অৰ্থাৎ চাৰিটা বৰ্ণৰ এটা সমাৰ্থক শব্দ লাগে। টিফিন কেৰিয়াৰৰ ঢাকনিখন খুলিবলৈ চেষ্টা কৰি কৰি মৈত্ৰেয়ীয়ে চিঞৰি উঠে, —নীলপদ্ম। নীলপদ্ম? নহ’ব। তৃতীয় বৰ্ণটো ‘ব’ হ’ব লাগে। ইন্দীবৰ?
আজিও ৰামানুজ ফুকনে শব্দ-শৃংখল মিলাবলৈ লৈছে। কেঁচুমূৰীয়া ৰোগ,— দুটা বৰ্ণৰ সমাৰ্থক শব্দ এটা পথালিকৈ বহুৱাব লাগে। “এই ৰোগটোৰ বিষয়ে দেখোন কেতিয়াও শুনা নাই।”— কোনোবা এজনে ক’লে। বৰুৱাই বুজাই