যোগাযোগৰ খুবেই প্ৰয়োজন। মই তেওঁক সংক্ষেপে জনাই থ'লো যে সোমবাৰে
অফিছৰপৰা বাহিৰে বাহিৰে গৈ গধূলিৰ পোন্ধৰ-কুৰিটা মিনিট তেওঁৰ চেম্বাৰত কটোৱাত
মোৰ কোনো আপত্তি নাই।
অথচ কাৰোবাক সময় দি আহিলে মই বেছিহে উদ্বিগ্ন হৈ পৰোঁ। সমগ্ৰ দেওবাৰটো মই এজন চিকিৎসকৰ সৈতে থকা এপইণ্টমেণ্টৰ কথা সুঁৱৰি পণ্ড কৰিলো। সোমবাৰে অফিছৰ নৈমিত্তিক কামবোৰত মোৰ মন নবহিল। সিদিনা সহকৰ্মীসকলৰ সৈতে অবান্তৰ কথ পতাৰ ৰিস্ক নল'লো। কোনোবাই মোৰ এজন প্ৰিয় সংগীতজ্ঞ সম্পৰ্কে এটা কটু মন্তব্য আগবঢ়াইছিল, মই তাক অতি সতৰ্কতাৰে উপেক্ষা কৰিলো আৰু ঘড়ীত যেতিয়া পাঁচ বাজি পঞ্চল্লিছ মিনিট পাৰ হ’ল, ছিটিবাছৰ হেঁচা-ঠেলাৰ মাজেৰে এটা সুৰুঙা উলিয়াই মতিলাল নেহৰু পথৰ কোনো এটা বাছ-ষ্টপত উৎকণ্ঠিত হৈ মই নামি পৰিলো আৰু পূৰ্ণোদ্যমে মোৰ চিকিৎসকৰ ঘৰটো বিচাৰিবলৈ আৰম্ভ কৰিলো, তেনে এক আহুকলীয়া সময়ত কোনো এক সদাশয় লোকে মোৰ প্ৰতি কিছু সহানুভূতিশীল হৈ ক’লে যে সেই নামৰ এজন চিকিৎসক মতিলাল নেহৰু পথত নহয়, বৰং তিনিমাইল দক্ষিণৰ মহাত্মা গান্ধী পথত থকাটো সম্ভৱ। মোৰ মনত পৰিল যে কথাটো ঠিকেই, কালি ৰাতিলৈকে কথাটো মোৰ ঠিকেই মনত আছিল, কিন্তু দুপৰীয়া অফিছৰ কামৰ হেঁচাত পৰি মই মহাত্মা গান্ধীৰ দৰে এজন নিঃকিন বস্ত্ৰ পৰিহিত ব্যক্তিক আচম্বিতে মতিলাল নেহৰু কৰি পেলালো। অৱশ্যে ৰাস্তাৰ অপৰিচিত মানুহকতো ইমান কথা কোৱাৰ প্ৰয়োজন নাই, গতিকে মোৰ ভুলটোৰ এটা গতি লগাবলৈ চেষ্টা কৰি-কৰি ক’লো,—“আপোনাক ধন্যবাদ, কিন্তু ছেঃ, কোনোবাই মোক ভুল ঠিকনা এটাহে দিলে।”
অৱশেষত চিকিৎসকৰ সৈতে মোৰ সাক্ষাৎ হ’ল আৰু বৰ বেছি পাতনিৰ প্ৰয়োজন অনুভৱ নকৰি মই তেখেতক পোনে-পোনে ক'লো যে দীঘলীয়া চিকিৎসা পদ্ধতিত মোৰ মুঠেও বিশ্বাস নাই, গতিকে এনে কোনো টেবলেট বা কেপছুলৰ সন্ধান যদি তেওঁ দিব পাৰে যাৰ সহায়ত অতি সোনকালে আৰোগ্য লাভ কৰিব পৰা যায়, তেন্তে যথেষ্ট কৃতজ্ঞতাৰে সৈতে মই কিছু ধন-বিত খৰচ কৰিবলৈ ইচ্ছুক। কিন্তু মোক একপ্ৰকাৰ হতাশ কৰি তেওঁ জনালে যে চিকিৎসাবিজ্ঞানত তেনে কোনো চমৎকাৰ বিধান থকাৰ বিষয়ে তেওঁ অৱগত নহয়।
সুসজ্জিত চেম্বাৰৰ ভিতৰত ৰোগীৰ গোপনীয়তা ৰক্ষা কৰিব পৰা এটা আছুতীয়া কোঠাৰ আটাইতকৈ বিতৰ্কিত চকীখনত বহি মই লক্ষ্য কৰিলো যে চিকিৎসকজনৰ চেহেৰা আৰু তেওঁৰ নামৰ পাছত ৰে'লগাড়ীৰ দবাৰ দৰে লাগি থকা অসংখ্য ডিগ্ৰীৰ শাৰীটোৰ পৰা অন্ততঃ এটা সিদ্ধান্তলৈ আহিব পাৰি যে তেওঁৰ ওচৰত মোটামুটিভাৱে আত্মসমৰ্পণ কৰিব পৰা যায়। প্ৰাথমিক পৰিচয় আৰু দুই-চাৰিটা ভদ্ৰতাসূচক বাক্য বিনিময়ৰ পাছত তেওঁ ক'লে যে সমস্যাটো যিহেতু চূড়ান্তভাৱে মানসিক, গতিকে এইক্ষেত্ৰত এটা প্ৰণালীবদ্ধ