এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এপাহ ফুলৰ কথা
কেনেকৈ ৰামধেনুৰ দৰে সাতটা ৰং হৈ পৰিছে। অকণে— ‘হয় দে, এদিন মই শোৱাৰ পৰা উঠি মুখ ধোওঁতে মুখৰ পানীবোৰ জোৰেৰে মাৰি পঠিয়াওতে পানীবোৰ ৰঙা-নীলা হৈ ওলাইছিল'।
—তুমি চিন্তা কৰি ইমান কথা ক’ব পৰা’। কণমানিৰ কথা শুনি দেবজিতে ক'লে—
—‘এইবোৰ মই চিন্তা কৰি কোৱা নাই নহয়, বেলিৰ পোহৰ বগা হ’লেও যে তাত সাতটা ৰঙ আছে, সেইটো কথা বৈজ্ঞানিক ছাৰ আইজাক নিউটনে আৱিষ্কাৰ কৰি পাইছিল'।
—‘তই বহুত কথা জান দেই'। মাখনে শলাগিলে।
—‘নেজানিবনে, ইয়াৰ কামেই কিতাপ পঢ়া। স্কুলৰ পুথিভঁৰালৰ কিতাপ এখনো ছাগৈ বাকী নাই'। অজয়ে হাঁহি হাঁহি ক'লে।
সকলো ঘৰলৈ উভটিল।
কণমানিয়ে হ’লে কথাবোৰ ভালকৈ বুজি নেপালে। সি মনতে ভাবিলে কিতাপৰ দোকানলৈ গৈ এসোপামান কিতাপ কিনি আনিব আৰু বাইদেউৱেকক পঢ়িবলৈ দি সি শুনিব। দেবজিত দাদাৰ সি কথাবোৰ জানিবই লাগিব। ▢