তৰাসখী
পুহ মাহৰ পুঁৱতি নিশা। কুঁৱলীজাকে পৃথিৱীখন ঢাকি পেলাইছে। ৰ’দ চেৰেঙা আহি পৃথিৱীত ভৰি দিবলৈ তেতিয়াও বহুত সময় আছে। তেনেতে ৰুণজুন শুই থকা বিচনাখনৰ ওচৰৰ খিৰিকীখনত এটি অতি মিহি সুৱদীমাত শুনা গ’ল— ‘ৰুণজুন’।
ৰুণজুনে চকু মেলিলে। চকুৰ পতাত গধুৰ টোপনি। চকু মোহাৰি দেখিলে খিৰিকীৰ কাষত এজনী দিপ্লিপ্ অকণমানি ছোৱালী। ছোৱালীজনীৰ চুলিকোচা সোণোৱালী। মূৰত বাখৰ খটোৱা মুকুটৰ চিক্মিকনি। ডিঙিত মুকুতাৰ মালা। গোলাপী গাল দুখন চালে চাই থাকিবৰ মন যোৱা। বৈ পৰা চকুযুৰি যেন সাগৰৰ দুটোপাল পানীহে। ৰুণজুনে একেথৰে চাই থাকোতেই আকৌ কাণত পৰিল— 'আহা ৰুণজুন'।
ৰুণজুনে শুধিলে— ‘ক’লৈ বাৰু’?
‘আমি ডাৱৰে ডাৱৰে খেলিম।? ফুৰিম, নাচিম'। আগবঢ়াই দিয়া হাত দুখনিত ধৰি ৰুণজুন বিচনাৰ পৰা উঠি আহিল।
দুয়োজনী কুঁৱলী ঠেলি ঠেলি আকাশলৈ খোজ ললে। ৰূপোৱালী জোনাকে সিহঁতৰ বাট পোহৰাই তুলিলে। ৰুণজুনে মনতে ভাবিলে এওঁনো কোন? মই দেখোন নামটোকে সোধা নাই’। ৰুণজুনৰ মনৰ কথা জানি হাঁহি মাৰি দিপ্লিপ্ ছোৱালীটিয়ে ক'লে— ‘মই এটি তৰা। মোৰ নাম কাশ্যপী। মোৰ আৰু চাৰিজনী ধুনীয়া বাইদেউ আছে। আমি আকাশৰ সৌ দিশত থাকো। তোমালোকৰ পৃথিৱীৰ মানুহে তোমাক থুপিতৰা বুলি কয়।
—‘মই হ’লে তোমাক তৰাসখী বুলিহে মাতিমদেই'। ৰুণজুনে মৰমতে তৰাসখীৰ হাতত চুমা এটি খালে।
ৰুণজুনহঁত গৈ মেঘৰ বগা বগা ঢৌবোৰৰ মাজ পালেগৈ। মেঘবোৰ আপোন মনে ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছে৷ তৰাসখীয়ে