পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সোণালী সজা

এটা নিৰ্জন দ্বীপত আবদ্ধ মই
এটি পাৰ্থিৱ কায়, অহৌবলিয়া
পৃথিৱীৰ চাৰিসীমা নিচেই কাষত
আপোন চিন্ততে মই মতলীয়া।
আকাশৰ নীলাখিনি সাগৰৰ টৌ
অৰণ্য সুন্দৰী হৰিণীজনী সৌ
কুলিৰ অমিয়া মাত মন প্ৰাণ হৰা
মুঠিতেই ৰাখো মই ধৰাৰ বতৰা।
নাই জটিলতা নাই কোনো ক্লেশ
অনিয়ম এটি মাথো নিয়মবিশেষ
হাঁহি আৰু কান্দোনৰ ময়েই হোতা
মই একক দৰ্শক, ময়েই শ্ৰোতা।
প্ৰগতিৰ প্ৰচণ্ড বা-মাৰলীত
বিধ্বংস মোৰ সাতোৰঙী জীৱন তৰি
নাজানো কেতিয়া পাম আপোন ঘৰ
বহুজনে ভিৰ কৰা, হাঁহিৰে মুখৰ। ❖

এজন ডাক্তৰৰ কবিতা • ৯১