ওচৰলৈ অহা হ’ল। তেওঁক বুজাই দিয়া হ'ল যে গীতা সিহঁতৰ মাক; গতিকে
সিহঁতৰ বাবে কি ভাল, কি বেয়া সেয়া গীতাইহে ঠাৱৰ কৰিব। চৌধুৰীয়েও ঠিক
তেনেদৰেই বুজিলে। প্ৰথম তিনি-চাৰি বছৰলৈ ঠিক যেন লগাকৈয়ে চলিল। কিন্তু
তাৰ পাছত যেতিয়া অনিকেত আৰু নৱনীত আহিল আৰু সিহঁতৰ চাৰিজনীয়া
সংসাৰখন দুজনীয়া কৰিলে— তেতিয়া থকা ঠাইৰ অভাৱত সৌৰভ আৰু গৌৰৱ
শোৱনিকোঠাৰ পৰা বাৰাণ্ডাৰ এমূৰে থকা ষ্ট'ৰ ৰূমসদৃশ সৰু কোঠাটোলৈ
স্থানান্তৰিত হ'ল। চৌধুৰীয়ে তেতিয়াও একো অনীতি নেদেখিলে। হয়তো ঘৰটোৰ
শোৱনিকোঠাটো আটাইকেইটাৰ বাবে আহল-বহল নহয় যেতিয়া সিহঁত তালৈকে
যাওক। আৰু ডাঙৰ হৈ আহিছে যেতিয়া চেঙেলীয়া ল'ৰাক ‘প্ৰাইভেচী’ এটাও
লাগে নহয়! গীতাৰ সৰলমনা বুজনিখিনি গৌতমে ঠিক তেনেদৰেই বুজিলে।
আচলতে তেতিয়াই গৌতমে তেনেদৰে নুবুজি নিজে বিচাৰ কৰিব পৰা
হলে যে ভাল আছিল—এতিয়াহে বুজিছে। গৌৰৱহঁত কিয় বাৰাণ্ডাৰ ৰূমটোলৈ
যাব লাগে বুলি ওভোতাই প্ৰশ্ন কৰিব পৰা হ'লে চাগে বৰ্তমানটো তেওঁৰ বাবে
ইমান বেদনাদায়ক নহ'লহেঁতেন! সেই সময়ত গীতাৰ প্ৰতিটো কামত চকু মুদি
সমৰ্থন নিদিয়া হ'লে চাগে এতিয়া তেওঁ গৌৰীৰ ফটোখনৰ ওচৰত গীতাই
নেদেখাকৈ হুমুনিয়াহ পেলাব নালাগিলেহেঁতেন!
চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত যেতিয়া তেওঁৰ হাত অফুৰন্ত সময়
হ’ল— তেতিয়াহে তেওঁ ধীৰে ধীৰে অনুভৱ কৰিলে যে প্ৰথম প্ৰেমৰ উমাল
স্বাক্ষৰ সৌৰভ মানসিকভাৱে তেওঁৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে। নামত পঢ়াৰ
কাৰণে হ'লেও সি যে তেওঁৰ পৰা সঁচাকৈয়ে দূৰলৈ গৈছে সিদিনাহে চৌধুৰীয়ে
উপলব্ধি কৰিলে। বাৰ বছৰৰ আগতে বাৰাণ্ডাৰ ৰূমটোলৈ স্থানান্তৰিত কৰা দুয়ো
ভায়েকৰ কথোপকথন ঘৰৰ সংলগ্ন দুহতীয়া শাকনিখনত মাটি খুঁচৰি থকা চৌধুৰীৰ
কাণত পৰিল— দাদা, ইমান পইচা ক’ত পাবা?
তই চিন্তা নকৰিবি গৌৰৱ, মই নিজৰ ব্যৱস্থা ইমানদিনে কৰিয়েই
আছো যেতিয়া এতিয়াও কিবা এটা কৰিম।
নহলে দেউতাক কওঁ? ‘পেন্সন ক্লিয়াৰ' হোৱাৰ লগে লগে যোৱা
মাহত জি পি এফৰ টকাও অলপ পাইছে নহয়...!
চুপ। একেবাৰে চুপ্। বুঢ়াটোৰ হাতৰ ফুটাকড়ি এটাও মোক নালাগে।
দৰকাৰ পৰিলে কোৰ্ছটোকেই কেন্সেল কৰিম। অকণমান সময় ৰৈ সৌৰভে কোৱা
চৌধুৰীয়ে আকৌ শুনিলে— মাৰ মৃত্যুৰ পাছতেই আকৌ এজনী আনি আমাৰ
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৯৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ১৭