পাছত স্বস্তিৰ উশাহ এটা লৈ সি ওলাই আহি কাগজখিনি মানুহজনক গতাই
দিলে। মানুহজনে মুখেৰে একো নকৈ কাগজখিনি লৈ মনোজৰ ফালে মাত্ৰ এবাৰ
চাই ওলাই গ'ল।
ঠিক সেই মুহূৰ্তৰে পৰা আৰম্ভ হ'ল মনোজৰ অন্তৰ্দ্বন্দৰ সূত্ৰপাত। এফালে
মন্দিৰাৰ হাবিয়াস পূৰাবলৈ টকা ঘটাৰ নতুন পথত খোজ পেলাই সফল হোৱাৰ
আনন্দ আৰু আনফালে আজন্ম পালন কৰি অহা দেউতাকে শিকাই যোৱা
নৈতিকতাৰ পতন। তাৰ গাটো ক্ষণে গৰম ক্ষণে ঠাণ্ডা লাগিবলৈ ধৰিলে। বমি বমি
ভাব এটায়ো তাক আমনি কৰা যেন লাগিল। কিহবাই যেন তাৰ ডিঙিত সোপা
মাৰিছেহি! গয়াৰী আকৌ ওচৰ পালেহি — মনোজ, গা বেয়া?
— নাই দাদা, নহয়। মানে মই আজি মানে...।
—মই জানো, গম পাইছো। আৰু তাকে লৈ তুমি ছিৰিয়াছ হৈ গৈছা
কিয়? পৃথিৱীখন যিফালে ঘূৰিছে তুমি-মই-আমি সেইফালেই নুঘূৰিলে মুখথেকেচা
খাই পদে পদে লাঞ্ছিতহে হ'ম। তুমি অন্যায় একো কৰা নাই। কাম কৰি দিছা
আৰু তাৰ বাবদ তুমি কিবা লৈছা, ইমানেইহে কথা আৰু...।
—হলেও দাদা...। বাৰু হ'ব। মনোজে কথা নবঢ়ালে। আচলতে তাৰ
কথা পাতিবৰ অকণো ইচ্ছা যোৱা নাছিল।
পকেটত পাঁচখন এশটকীয়া নোটৰ ভাৰ লৈ সি ঘৰমুৱা হ’ল। প্ৰথমবাৰৰ
বাবে দৰমহাৰ বাহিৰে উপাৰ্জন কৰিছে। মন্দিৰাৰ নিজা হাবিয়াসবোৰ তাৰ মানে
সি অনতিপলমে পূৰাব পাৰিব! মনে মনে সি হিচাপ এটা কৰিলে— মাহটোত
কমপক্ষেও বিশটা দিন যদি সি এই হাৰে টকা ঘটে, তেন্তে মাহৰ শেষত তাৰ
হাতত দৰমহাৰ ডেৰগুণ ধন জমা হ’ব। আঃ! মন্দিৰাৰ হাবিয়াসৰ বস্তু ডি ভি ডি,
ফ্ৰীজ, কালাৰ্ড মোবাইল, মাইক্ৰৱেভ অভেন, বাশ্বিং মেচিন— লাহে লাহে ঘৰ
ভৰি যাব। মন্দিৰাই তাক প্ৰেম আৰু সন্মানেৰে সেৱা কৰিব। সি এখন বিলাসী
ঘৰৰ মালিক হব। লাহে লাহে এখন স্কুটাৰ আৰু পিছলৈ ‘লোন-টোন’ৰ ব্যৱস্থাৰ
মাধ্যমেৰে হ'লেও গাড়ী এখন আৰু পিছলৈ মন্দিৰাৰ ইচ্ছামতে ড্ৰয়িংৰূম মোজেইক
কৰা এটা নতুন আৰ্হিৰ ঘৰ। না, এই আদৰ্শ-চাদৰ্শক সাবটি থাকিলে সঁচাকৈয়ে
জীৱনত একো কৰিব নোৱাৰি। সংসাৰ পাতি লৈ যদি সুখ ভোগ কৰিবই নোৱাৰি,
তেন্তে কিহৰ জীৱন? আজিৰ পৰা সি এটা নতুন মানুহ হ'ব। তাকো এতিয়াৰ পৰা
দত্ত, গয়াৰী, ডেকা, ৰয়হঁতে সময়বিশেষে অন্য গ্ৰহৰ জীৱৰ দৰে নাভাবি
তেওঁলোকৰ আদ্দাত ঠাই দিব। তাৰ হাততো উপঢৌকন লৈ হোৱা পাপৰ পৰা
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৮৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৮৭