পকী বাথৰূম-লেট্ৰিনৰ ব্যৱস্থা কৰিছিল। ইয়াৰ আগতে সিহঁতৰ তেনে সু-ব্যৱস্থা
নাছিল যদিও মাকৰ বাহিৰে কোনো ছোৱালী নথকাত বিশেষ অসুবিধা নোহোৱাকৈ
দিনবোৰ পাৰ হৈছিল।
আজন্ম পংগু তাৰ ভায়েক অনুজ, এটা চকুৰে নেদেখা তাৰ মাক, মন্দিৰাই
টাউনত পঢ়াম বুলি বিয়াৰ তিনি মাহমান পাছতেই নিজৰ লগলৈ অনা তাৰ খুলশালি
বিনোদ, মন্দিৰা, সি আৰু সিহঁতৰ যুগ্ম জীৱনৰ সাক্ষী শতৰূপা। ককাকৰ দিনৰে
ঘৰটোৰ লগতে থকা বাৰীখনত কাণী মাকে ওৰেটো দিন খুঁচৰি খুঁচৰি বেঙেনা,
জলকীয়া, পাণ-তামোল, কল, নেমু আদিৰে কৰা নিশকতীয়া উপাৰ্জন আৰু
বাপেকৰ পেন্সনৰ মাকে পাবলগীয়া অংশৰ লগতে তাৰ দৰমহা মিলাই মাহটো
সি টানি-টুনি চলিব পাৰিলেও মন্দিৰাৰ সপোনবোৰ সি সহজে বাস্তৱায়িত কৰিব
নোৱাৰে। ধনী ঘৰৰ ছোৱালী নহ'লেও বৈবাহিক জীৱনত ধন-ধানেৰে উভৈনদী,
চিকমিকোৱা এখন ঘৰৰ কল্পনা কৰি তাই আহিছিল। কিন্তু পৰিৱৰ্তে তাৰ বিপৰীত
অৱস্থাটো পাই তাইৰ নিজৰ সপোন ফলিওৱাৰ মাধ্যম হিচাপে মনোজকে হেঁচা
দিবলৈ ধৰিলে। আৰু তাৰেই পৰিণতিত যোৱা ৰাতিৰ বাক্-বিতণ্ডা। এনেয়ে কেৱল
মন্দিৰাই কয় আৰু মনোজে শুনি যায়। ঠাণ্ডা প্ৰকৃতিৰ মনোজে আনে দহটা কটু
কথা শুনোৱাৰ পাছতো সহজে মুখ নেমেলে। মাজে মাজে ওলায় মাত্ৰ একোটা
দীঘল হুমুনিয়াহ। কিন্তু যোৱা ৰাতি সি মন্দিৰাৰ টেপ্টেপনি শুনি শুনি অতিকৈ
অসহ্য হৈ ফেপেৰি পাতি ধৰিলে— কি লাগে তোমাক? আৰু কি বিচাৰা? তুমি
নাজানা নেকি যে মোৰ ইয়াতকৈ বেছি সামৰ্থ্য নাই?
— তেনেহলে সংসাৰ গোটাইছিলা কেলৈ?
—সকলোৰে সংসাৰ আছে। সেইবুলি সকলোৱে তোমাৰ দৰে লাগে
লাগে বুলি আটাহ পাৰি থকা নাই।
— সকলোৰে থকা গৰু-গাহৰিৰ দৰে সংসাৰ মোক নালাগে। ঘৰখনত
সা-সুবিধা বুলিবলৈ একো এটা নাই, ভাল কাপোৰ এসাজ, গহনা এবিধ নাই—
আৰু...।
— বৰ চিঞৰ-বাখৰ কৰি নাথাকিবা। তোমাৰ বৰ্তমানে যিখিনি
আছে সেইখিনি দেশৰ প্ৰায় আধাতকৈও বেছি মানুহৰ নাই। আৰু কিয়
বিচাৰা, দেউতাৰাৰ ঘৰতনো তুমি ইমান কি বেছি ভোগত আছিলা যে
এতিয়া...। মনোজৰ মুখৰ কথা শেষ হ’বলৈ নাপালে; মন্দিৰাই হাওহাওকৈ
ৰাউচিজুৰি কান্দিবলৈ ধৰিলে। তাইৰ চিঞৰত কাণী মাক থৰক্-বৰক্কৈ
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৮৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪ • একুৰি এটা গল্প