মানুহ
টকা লাগে। বহুত টকা। কেনেকৈ? কি উপায়েৰে ইয়াতকৈ বেছি
টকা তাৰ জেপত সোমাব? মনোজৰ মূৰটো টকা ঘটাৰ নতুন কৌশল
আৱিষ্কাৰত কালিৰে পৰা ব্যস্ত আছে। আঃ! ময়ো পালোহেঁতেন যদি বহুত
টকা দত্তদাহঁতৰ দৰে!
টাইপ ৰাইটাৰত আঙুলি বুলাই থাকোতে এবাৰ মনোজৰ চকু দত্তৰ
টেবুলখনত পৰিল। তাৰ হাতৰ আঙুলিৰ গতি মন্থৰ হ’ল। দত্তৰ টেবুলৰ সন্মুখত
বহা আদহীয়া মানুহজনে টেবুলত এটা লেফাফা থৈছে। অকণমান অন্যমনস্ক
যেন দেখুৱাই দত্তই সোধা তাৰ কাণত পৰিল— কিমান?
— দুশ। ইমানতেই কৰি দিয়ক আৰু! নহ'লে বৰ অসুবিধাত পৰিম।
— বৰ কম হয়হে? তথাপি বাৰু আপুনি বুলি দিওঁ...। দত্তই ফাইল
এটা খুলিলে। কেইখনমান কাগজ উলিয়াই পিন এটা লগাই দিবলৈ পিয়নটোক
মাতিলে। পিয়নজন অহাত দত্তই সন্মুখত বহা মানুহজনক পিয়নজনৰ পিছে পিছে
যাবলৈ নিৰ্দেশ দিলে। আদহীয়া মানুহজনে সংকুচিত খোজেৰে মনোজৰ গাৰ
কাষেৰেই পাৰ হৈ গল। মনোজে টাইপ ৰাইটাৰৰ ওপৰত দৃষ্টি থৈয়েই অনুমান
কৰিব পাৰিলে যে দত্তই আনন্দ মনে লেফাফাটো নিজৰ ফালে টানি নি খুলি চাই
সন্তুষ্টচিত্তে নিজৰ ড্ৰয়াৰত লেফাফাটো সুমুৱাই থৈ দুয়ো হাতৰ কেউটা আঙুলিৰে
টেবুলৰ ওপৰত এক দুৰ্বোধ্য বাদ্য বজাবলৈ ধৰিলে।
—মনোজৰ আঙুলিৰে গতি মন্থৰ হ’ল। এক অজান দুখবোধে তাৰ মনটো
মাৰি নিবলৈ ধৰিলে। টাইপিষ্ট হিচাপে চাকৰিত যোগ দিয়া আঠ বছৰৰ পাছত সি
প্ৰমোশ্যন পাই এল ডি এ হ’ল যদিও টাইপ ৰাইটাৰৰ কামটো তাৰ ডিঙিৰ পৰা
সম্পূৰ্ণকৈ এৰ খোৱা নাই। –নতুনকৈ এপইন্টমেন্ট পোৱা গাভৰু টাইপিষ্টজনীৰ
নিয়মিত অনিয়মীয়া উপস্থিতিৰ বাবে অফিচৰ সৰহখিনি কাম তাৰ হাতেৰেই পাৰ
হৈ যায়। সি বিশেষ আপত্তি অৱশ্যে নকৰে। যিকোনো ভাল কামৰ মাজত সি
ব্যস্ত থাকিবলৈ পালে ভালেই পায়।
— কিহে মনোজ, তুমিও কিবা দিবাস্বপ্ন দেখিবলৈ ল'লা নেকি? নে
ঘৰত শ্ৰীমতীৰ স’তে এখুন্দা লাগি আহি অনুতপ্ত...। মনোজক উদ্দেশ্যি সদা
ৰসিকতাৰে থকা তৰুণ গয়াৰীয়ে মাত দিলে। গয়াৰীৰ মাতত মনোজ উচপ্ খোৱাৰ