‘লীডাৰ। ’ তাতে সি সৰু কালৰে পৰা এটা কথা জানি আহিছে আৰু পৰাপক্ষত
মানিও আহিছে যে নিজক বচাই ৰাখিবৰ একমাত্ৰ সহজ উপায় হল— নিজৰ মুখ
বন্ধ কৰি ৰখা। অপ্ৰয়োজনত ফটা মুখখন মেল খুওৱাটো নিৰ্বুদ্ধিতাহে হ'ব।
ধাইজাতীয় বাই এজনীয়ে ৰতনক ৰঙা চাহ একাপ আৰু মেৰি বিস্কুট দুখনমান
আগবঢ়াই দিলে। খোৱাবস্তুৰ ট্ৰে’খন দেখি তাৰ পেটৰ জুইকুৰা ভমককৈ জ্বলি
উঠিল। সি ক'লে— বিস্কুট আৰু কেইখনমান দিবনে? বৰ ভোক...।
— অঁ অঁ লাওক। আপোনাক যিমান লাগে সিমান লওক। সেই তেতিয়াৰে
পৰা চাগৈ একো খোৱা নাই দেহি! মানুহগৰাকীৰ সহানুভূতি পাই ট্ৰে’ৰ পৰা
ভালেকেইখন বিস্কুট উঠাই আনি ৰঙা চাহকাপৰ স’তে সি খাই ল'লে। অলপ
পাছতে তাৰ তন্দ্ৰাৰ ভাব আহিল। হাস্পতালৰ কোনোবা এজনে এখন ৰঙা কম্বল
আনি তাক দি ক'লে— বেঞ্চখন এৰি উঠি নাযাব। ক’তে অকণো ঠাই নাই।
ৰাতিটো ইয়াতে পৰি থাকক। পুৱালৈ কি হয়?...।
এৰা, পুৱালৈ বা কি হয়! যি হয় ৰাতিটোৰ ভিতৰতে হ’ব লাগিব। ৰঙা
কম্বলখনেৰে গা-মূৰ ঢাকি সি বেঞ্চখনতে হাত-ভৰি কোঁচাই বহি থাকিল। ৰাতি
ভালেখিনি হোৱা বাবে মানুহবোৰ আঁতৰিল। যি য’ত অলপ আছিল— সিবিলাকেও
সুবিধাজনক ঠাই বিচাৰি মোটোকা মাৰি নিদ্ৰাৰ কোলাত। চকুলৈ তাৰহে নিদ্ৰাৰ
ভাব সম্পূৰ্ণকৈ অহা নাই। ৰঙা কম্বলৰ বেষ্টনীৰ মাজেৰে সি এবাৰ দেখা পালে
অথনি তাৰ চিকিৎসা কৰা ডাক্তৰণীগৰাকীয়ে ষ্টেট’স্কপডাল পকেটত সুমুৱাই খট্
খট্কৈ বাৰাণ্ডাৰ এমূৰলৈ গৈ আছে। তাৰ গাৰ পৰা চাহ আৰু ৰঙা কম্বলৰ উম
লগা আমেজ নোহোৱা হ'ল। সি মূৰ তুলি পোন হৈ বহিল।
ৰাতিৰ ইমাৰ্জেন্সী ডিউটীত ড° নীহাৰিকাই এপাক মাৰি নিজৰ ৰেষ্ট
ৰূমত সোমাল। গাৰ পৰা বগা কোটটো খুলি হেঙাৰ এডালত ওলোমাই থৈ চকীখন
হেলনীয়া কৰি লৈ বহি পৰিল। দিনটোৰ অসম্ভৱ ব্যস্ততাই ভাগৰুৱা কৰা চকু
দুটালৈ তন্দ্ৰা নমাই আনিব খুজিলেও পৰিস্থিতিৰ গুৰুত্বলৈ চাই তেওঁ সচেষ্ট হৈ
বহি থাকিব খুজিলে, এখন আলোচনী টেবুলৰ পৰা আনি হাতত মেলি ল'লে।
টক্ টক্কৈ দুৱাৰত টোকৰ মৰা শুনি ড° নীহাৰিকাই দৰ্জাৰ ফালে চালে।
বাহিৰত কোনোবা এজন আছে— কোন?
— বাইদেউ, সোমাব পাৰোনে?
ডাক্তৰণী ওলাই আহিল। পৰ্দা দাঙি বাহিৰলৈ চালে আৰে! আপুনি
যোৱাই নাই! কিয়? গা বেছি বেয়া হ'ল নেকি? আহকচোন, সোমাই আহক। ড°
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৮০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০ • একুৰি এটা গল্প