গাভৰুকালৰ সাত-শাক তুলিবলৈ লগ জা-জোৱালীৰ জাকটোৰ মধ্যমণি হৈ যোৱাৰ
কথা আৰু সিহঁতৰ হাঁহিৰ খলকনিবোৰ যেন তাইৰ কাণত বাজিবলৈ ধৰিলে।
আঃ, কি সুন্দৰ আছিল সেই দিনবোৰ! ওচৰ-চুবুৰীয়া আৰু পৰিয়ালৰ সমনীয়া
বহুকেইজনীয়ে বাৰীয়ে-পথাৰে বিহুৰ ‘সাত-শাক’ বুটলি বুটলি ৰং বহইচ কৰাৰ
কথা সুঁৱৰিলে তাইৰ এতিয়াও এপাক থাউকতে ঘূৰিবলৈ মন যায়। আগৰ
সমনীয়াবোৰ এতিয়া প্ৰায় নোহোৱাই হ'ল। কাৰোবাক কালে নিলে,কোনোবাজনী
আলৰ বুঢ়ী হ’ল। কেৱে হয়তো চকুৰেই মণিব নোৱাৰে। হলেও তাই অভ্যাসটো
এৰি দিয়া নাই। তাতে নিয়মৰ কথাও আছে। বিহুৰ দিনা ‘সাত-শাকৰ ভাজি খাব
লাগে। নামত সাত-শাক হলেও অ’ৰ এটা পাত, ত’ৰ এটা আগ কৰি বিভিন্ন পাত
গোটোৱা হয়। তায়ো আনিছে। নহৰু দি ৰন্ধা শাকৰ ভাজিৰ সোৱাদ হৰেনৰ
টকালিৰ পৰাহে যেন তাই অনুমান কৰে।
ঢপকৈ হোৱা শব্দত তাই উচপ খাই ঘূৰি চালে। হৰেনে পাচি এটা
নমাই থৈ কান্ধৰ গামোচাখনেৰে মুখৰ ঘাম মচিছে। তাই দেখিলে, তাৰ কলডিলীয়া
কলাফুল দুটাৰেও ঘাম বৈ আহিছে।
—বেলি লহিয়াবই, এইবোৰ সোনকালে বাড়ি কুটি থ। মই গাইজনী
আনোগৈ। গোহালিত জাগটোও ঠিক কৰিবলৈ আছে। তই দেখোন সেই তেতিয়াৰে
পৰা শাককেইডালকে লিৰিকি-বিদাৰি আছ?
— কামবোৰ শেষ হ’ল দেখিহে! আৰু ক’তনো লিৰিকি আছো? শেষ
হলেই নহয়!অকণমান ৰৈ তাই হৰেনলৈ চালে গোহালিত জাগটো মই গোটাই
থৈছোৱেই। জাগত দিবলৈ বিহলঙনি-মাখিয়তী এবিধা নাপাই চোতাল চুৰুকা
কেঞাবন, নাৰিকলৰ বাকলি আৰু শুকান কলপটুৱাকে গোটাইছো। পথাৰবোৰ
তেনেই উদং হ’ল। এয়া চাওকচোন, আমাৰ বাৰী আৰু পছিমৰ পথাৰত ঘূৰি ঘূৰি
শাক পালো এইকেইডালহে। তাৰে বোলো নিয়মটোকে হক—মনোমতী উঠিল—
চাহ খায় নেকি একাপ?
—নালাগে। পোৱালি দুটাৰে সৈতে গাইজনী আনি একেবাৰেই খাম।
তই লৰালৰি কৰ।
মনোমতীয়ে পাচিটোলৈ জুমি চালে। কুমলীয়া বাঁহ আৰু বেতৰ গজালি।
আমৰ কলি কেইটামান আৰু কঁঠালৰ অকণমান মুচি এটা। ক’ৰ ক'ৰ পৰা জানো
আনিলে? আমগছ তাহাঁতৰ ঘৰতে আছে যদিও কঁঠাল গছ নাই। শালে কঁঠালে
থাকিলে হেনো ঘৰৰ অমংগল হয়। সেয়ে সিহঁতৰ শালকাঠৰ খুটা থকা ঘৰটোৰ
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৬৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬ • একুৰি এটা গল্প