পাছত সি মাছৰ বজাৰত সোমাল। বৰ ভিৰ। মানুহৰ চিঞৰ বাখৰত কাৰো মাত
নুশুনা অৱস্থা হৈছে। সি গৈ ডাঙৰ মাছ কিছুমানৰ সন্মুখত ৰ'ল— কিমান দাম?
— কেজি দুশ টকা।
মনে মনে বিমান উচপ্ খাই উঠিলেও গাম্ভীৰ্য বজাই ৰাখি ক'লে—
—কম নহয়?
—দাদা, ১৮০ টকা। তাৰ তলত নহয়।
—দিয়া এক কেজি। বেপাৰীয়ে এক কেজিমানৰ মাছ এটা ওজন
কৰিবলৈ লওঁতেই হৈ হৈ কৰি কেইজনমান যুৱক, সোমাই আহি এফালৰ পৰা
খপ্খপ্কৈ মাছৰ পাচিবোৰ ঢাকি পেলাবলৈ ধৰিলে— মাছৰ বিক্ৰী বন্ধ। এই মাছ
আমি কিনিলো।
কেইবাখনো মুখৰ প্ৰশ্ন একেস্বৰে ওলাল— কি? কোনে কিনিলে? আমি
কিনিব ধৰিছোহে...।
—হেই! হাল্লা নকৰিব। আমাৰ পাৰ্টীৰ খানাৰ বাবে মাছ লাগে। বজাৰত
থকা সকলো মাছ আমাৰ। আপোনালোকক লাগিলে ভাটিৰ বজাৰলৈ যাওক।
হতভম্ব মানুহখিনিৰ মাজৰ সাহসী দুজনমান আগবাঢ়ি আহিল।
—কিয় যামহে? তোমালোক যোৱা। ইয়াত গুণ্ডাগিৰি কৰিবলৈ
আহিছা...?
—ভদ্ৰভাৱে কওঁতে গুণ্ডাগিৰি বুলিছ! ঠাণ্ডা কৰি দিওঁ ৰ বাপ্পেৰে...।
—যুৱকমখাৰ মাজৰ কেইজনমানে চোঁচা মাৰি আহিল। হঠাৎ ঠাইখনৰ পৰিৱেশ
সলনি হ’ল। প্ৰায় যুদ্ধক্ষেত্ৰ। যেয়ে যাকে পাৰে ঠেলা ঠেলি, মৰা-মৰি কৰিবলৈ
ধৰিলে। বজাৰত থকা নিৰীহ মানুহখিনি হেঁচি-ঠেলি ওলাই যাবলৈ খৰখেদা কৰাত
পৰিস্থিতি আৰু হুলস্থূলীয়া হ'ল। পুলিচ আহিল। মানুহবোৰ ফাঁহি ছিটিকা দিবলৈ
ধৰিলে। ঠেলা-হেঁচাত বিমান মুখথেকেচা খাই পৰিল। সি নতুন কোনো বিপদত
নপৰিবলৈ পৰাৰ পৰা উঠি ঊৰ্ধ্বশ্বাসেৰে ঘৰলৈ দৌৰ দিলে। পিছলৈ ঘূৰি নাচাই
দৌৰিছে সি। বহু মানুহে দৌৰিছে।
ঘৰৰ বাৰান্দাত খেলি থকা ল'ৰা-ছোৱালী দুটাই ‘দেউতা আহিছে' বুলি
দৌৰি অহাতহে সি সম্বিৎ পালে।
—কি আনিছা দেউতা...?
বিমান সোমাই আহিল ভিতৰলৈ। তাৰ উদ্ভ্ৰান্ত চেহেৰা দেখি ঘৰৰ
ডাঙৰকেইজনীয়ে সপ্ৰশ্ন, ভীত চাৱনিৰে চালে।
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৬৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৬৩