পৃষ্ঠা:একুৰি এটা গল্প.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩ • একুৰি এটা গল্প
 

কোনোবাই ঢকিয়াই দিলে— নাই। এনেকৈ হাৰ মানি গলে নহ'ব। সাহস কৰি এই পিছপৰা বস্তি এলেকালৈ চাকৰি কৰিবলৈ আহিছোৱেই যেতিয়া সাহস গোটাই লৈ যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বই লাগিব। বাহিৰত দ্বিতীয়বাৰ দৰ্জাত আঘাত পৰিল। মই মাত নিদি হাতত অকণমান কটাৰী (একমাত্ৰ অস্ত্ৰ)খন লৈ খুপি খুপি বেৰৰ কাষলৈ আহিলো। জুপি জুপি ফুটাৰে বাহিৰলৈ চাবলৈ চেষ্টা কৰিলো। বাহিৰত মাথোঁ আন্ধাৰ। কোনোবাই লাহে লাহে পিতলৰ খাৰুযোৰ (তলা মৰা) জোকাৰি দিলে। মই সাহস গোটাই মাত দিলো। কৌন? বাহৰ মে কৌন হ্যায়? অলপ জোৰেই সুধিছিলো নেকি? বাহিৰৰ পৰা ধমহ কৰে দৰ্জাখনৰ ওপৰত আঘাত পৰিল। মই আৰু ৰব নোৱাৰিলো। সাতামপুৰুষীয়া দৰ্জা, হেলেক-পেলেক বেৰ, খহি পৰিবলৈ কিমান পৰ? প্ৰাণকাতৰ চিঞৰ মাৰিলো— ‘মাসীমা ...., আ-আমাকে বাচাও মাসীমা। পিছৰ বাৰৰ মাসীমা শব্দটো চাগৈ মহিমাময়ী মাসীমাৰ কাণত পৰিছিল। মই খিৰিকীখন খুলি অকণমান ফাঁক কৰি চিঞৰ মাৰিলো— ‘মাসীমা, মাসীমা, বাচাও আমাকে...' বুলি কৈ মোৰ দুৰ্বল খিৰিকীখন জপাই দিলো। চকু মুদি ভগৱানক মাতিলো ‘মোক ৰক্ষা কৰা, মোক সাহস দিয়া, বাহিৰত থকা মানুহজনৰ মনত সততা জগাই দিয়া প্ৰভু, মোক ৰক্ষা কৰা....। ' এ, তোৰ কি হৈছে ৰে? শুন্‌ছো কি হৈছে....?' সেয়া মাসীমাৰ মাত। হাতত টৰ্চ লৈ তেওঁ ঘৰৰ খিৰিকীৰে মুখ উলিয়াই মোক সুধিলে। মই খিৰিকীখন অকণমান খুলি ক'লো— ‘আমার বারাণ্ডায় কেও একজন আছে মাসীমা.... আমাকে বাচাও.... আমাকে নিয়া যাও। '

 কিন্তু মাসীমা আহে কেনেকৈ? নিজৰ গাভৰু জীয়েকজনীক লৈ তেওঁ মোৰ ঘৰলৈ এই আন্ধাৰ নিশা আহি মোৰ বাৰাণ্ডাত থকা অসুৰটোৰ পৰা মোক বচায় কেনেকৈ? কিন্তু মাসীমাৰ সহায় নহলেযে মোৰো উপায় নাই। বাহিৰৰ দৰ্জাত আকৌ কৰাঘাত। মাসীমা, আমাকে নিয়া যাও....। ' মোৰ মাতত আকুল। মিনতি। বৰষুণজাক শাম কাটিছিল। অকণমান পাছতে বেৰৰ ফুটাৰে দেখিবলৈ পালো হাতে হাতে ধৰা-ধৰি কৰি মাসীমাই তেওঁৰ ছোৱালীজনীৰ লগত মোৰ ঘৰৰ ফালে আহি আছে। মাসীমাৰ হাতত লেম আৰু ছোৱালীজনীৰ হাতত এডাল লাঠি। তেওঁলোকে মোৰ ঘৰৰ পদূলিমুখত থিয় দি বাৰাণ্ডালৈ টৰ্চৰ পোহৰ মাৰি চালে— ‘ক’ই কেও নাইতো! তোর বারাণ্ডায় কেও নাইরে। ’ মই সাহস পাই মাত দিলো—‘আছে, আছে। ভালকৈ চোৱা। টৰ্চৰ পোহৰটোও কমি আহিছিল। সেয়ে সাহস কৰি তেওঁ জীয়েকক হাতেৰে ধৰি ৰাখি নঙলা খুলি মোৰ বাৰাণ্ডাৰ