ভাত বাঢ়ি দিছিল। মই খাবলৈ বহিলো। দুগৰাহমান খায়েই মনত পৰিল—মালাকো
লগতে খাবলৈ ক'ব লাগিছিল। তাইলৈ চালো। পাকঘৰৰ দুৱাৰৰ চৌকাঠত ভেজা
দি অপলক নেত্ৰে মোলৈ চাই আছে। চকুৱে চকুৱে পৰাত তাই সাউতকৈ ভিতৰলৈ
সোমাই গ'ল। ভিতৰৰ পৰাই সুধিলে— কিবা লাগিব?
—নালাগে। তোমাৰ বাঢ়িব পাৰা। আনা। মালাই ভাত অলপ আনি
মোৰ পৰা দূৰত বহি নিস্তেজভাৱে খাবলৈ বহিল। ইতিমধ্যে মোৰ খোৱা
হৈছিলেই!
কি কাৰণত নাজানো, সেইদিনা মোৰ অকণো টোপনি নাহিল।
মালাৰো টোপনি অহা নাই। দুয়ো উজাগৰে থাকিও অকণমান সময়ৰ বাবেও
একাত্ম হোৱা নাই। তাই চাগৈ এটা নতুন পুৱালৈ চাইছিল। হ'বও পাৰে, নহ'বও।
পাৰে।
অলপ আগতে মালা ওলাই গ'ল। ঘৰটো ৰিঙা ৰিঙা লাগিছে। তাই
যোৱাৰ পাছত ৰাতিটো আৰু আজিৰ দিনটো মই সম্পূৰ্ণ কৰ্মহীনভাৱে কটালো।
গাটোত যেন বৰ ভাগৰ লাগিছে। ভাত খাবৰ মন যোৱা নাই। ৰাতি শুবলৈ আহি
বাতৰি কাকত পঢ়াৰ পৰিৱৰ্তে আজি প্ৰথমবাৰলৈ লিখিবলৈ বহিছো। এই নিয়মটো
আগতে ভংগ কৰা হ'লে মালা চাগৈ আঁতৰি নগ'লহেঁতেন।
আজিলৈ ইমানেই।
ইতি,
তোমাৰ পুত্ৰ’
একেলেথাৰিয়ে কাগজকেইখিলা পঢ়ি অতাই অনন্ত বৰুৱাই কিছুপৰ কুঞ্চিত কৰি বহি থাকিল। লাহে লাহে তেওঁৰ কপালৰ ৰেখা নাইকিয়া হৈ পৰিল। সেই সময়ত গেট খুলি সোমাই অহা পল্লৱক দেখি তেওঁৰ মুখত এটা মধুৰ হাঁহি বিৰিঙি উঠিল। বন্ধ কোঠাৰ মাজত পল্লৱে তেন্তে ইয়াৰেই সন্ধান কৰিছিল!!