ফুৰি আহো। এনেয়ে....।
বাপেকৰ উত্তৰলৈ অপেক্ষা নকৰি পল্লৱ ওলাই গ'ল। অনন্ত বৰুৱাই
অপলকনেত্ৰে কিছু সময় সি যোৱাৰ ফালে চাই থাকি এটা হুমুনিয়াহ এৰিলে।
বতাহ লাগি হাতত থকা কাগজখিনিত সামান্য খচ্ মচ্ শব্দ হোৱাত তেওঁৰ মন
এইবাৰ কাগজকেইখনত নিবদ্ধ হ’ল। আন্ধাৰ আৰু ঘন হ’ল। বাহিৰত আখৰবোৰ
মনিব নোৱাৰি। তেওঁ উঠিল। বাৰাণ্ডাৰ সংলগ্ন ‘ষ্টাডী ৰূম'টোত সোমাই তেওঁ
চছমাযোৰ বিচাৰি লৈ লাইটটো জ্বলাই দিলে। বুকুখনে অজান আশংকাত ঢুক্ ঢুক্
কৰিছে। একেটি সন্তান মোৰ! কি বা হয়গৈ! গধুৰ মনেৰে তেওঁ চকীত বহি
কাগজৰ জাপ খুলিলে—
‘মৰমৰ দেউতা,
প্ৰণাম জনালো। চিঠিখন পাই হয়তো আচৰিত হৈছা। ৰ'বা, ধৈৰ্য ধৰা।
ভালকৈ পঢ়ি চোৱা আৰু তাৰ পাছত তুমি যি কোৱা....
মোৰ বিবাহ বিচ্ছেদ হ’ল। উচপ্ খাই উঠিছা? নুঠিবা। এয়া অৱধাৰিত
আছিল। মালা, মোৰ পত্নী মালাক বিয়া কৰোৱাই আনি তোমালোকে এজনী
সুদক্ষা গৃহিণী-বোৱাৰী পালা। মোৰ লগত জীয়েকক বিয়া দি মালাৰ
মাক-দেউতাকেও এটা বৰ ভাল জোঁৱাই পালে। তেওঁলোকৰ ভাষাত হীৰাৰ
দৰে জোঁৱাই'। তোমালোকেওতো কোৱা যে মালা আমাৰ কোনোবা জনমৰ
জীয়াৰীহে আছিল। ঠিকেই। আমি দুয়ো বৰ ভাল। মালা পাকৈত গৃহিণী, উচ্চ
শিক্ষিতা আৰু ৰুচিশীল; বিপৰীতে ময়ো উচ্চ শিক্ষিত, কৰ্মঠ আৰু স্পষ্টবাদী।
কিন্তু আমি দুয়ো কেৱল তোমালোকৰ বাবেহে ভাল। আমাৰ মাজত আমাৰ দুয়োৰে
‘ভাল’খিনিয়ে একো পৰিৱৰ্তন আনিব নোৱাৰিলে। মই মালাৰ বাবে সৰ্বোত্তম
নহয় আৰু মালা মোৰ বাবে। নহয় নহয়, ভুল নুবুজিবা, মই মালাক বেয়া পোৱা
নাই। মাত্ৰ তাইৰ সমস্ত ‘ভাল’ৰ ওচৰত কোনো বিশেষ গুৰুত্ব মই উপলব্ধি কৰিব
নোৱাৰো। মোৰ বন্ধুবৰ্গ, তুমি, আমাৰ আন আন আত্মীয়ৰ ওচৰত মই অতি
আদৰ্শৱান ল’ৰা। ভাল ল’ৰা। কিন্তু মোৰ এই ‘ভাল’বোৰেও মালাৰ ওপৰত একো
প্ৰভাৱ নেপেলায়। আচলতে দেউতা, আমি দুয়ো দুটা মেৰুত অৱস্থান কৰি
কেতিয়াও একাত্ম হ'ব নোৱৰাৰ দুখ যেতিয়া উপলব্ধি কৰিলো, তেতিয়াই ভাবিবলৈ
লৈছিলো— দুয়ো দুয়োকে ইমান কষ্ট দি এক হৈ থকাৰ অৰ্থ কি? সেয়ে সিদ্ধান্ত
ল’লো বেলেগ হোৱাৰ। আইনৰ মতে নহয়, হৃদয়ৰ মতে। আইনৰ মতে বিচ্ছেদ
হ’বলৈ হলে আমি দুয়ো আনকি প্ৰয়োজনমতে তোমালোকেও গৈ আদালতৰ