তাইক অলপ এৰিও দিবা। কেঁচুৱাবােৰ পৰি-ধৰিহে ডাঙৰ হয়গৈ।
মূঠতে, পৰামৰ্শৰ আদি-অন্ত নাই। কিন্তু, তাৰ মনে যে নামানেই।
তাই ‘কেঁহে’ কৰাৰ লগে লগেই সিতাে কি হৈছে বুলি ঢপলিয়াই যায় ।
পিছে, সি তাত থকাৰ সময়খিনিতহে। কিন্তু, ৰাতি বা তাইৰ হয় কি!
এদিন পিছে সি ঠিক কৰিলে, এই কথাই কথা নহয়।
মাহটো পূৰ হ'লেই মিতিৰ-কুতুম্বখিনিৰ লগতে তাৰ বন্ধুবর্গকো নিমন্ত্রণ কৰি সৰুকৈ হ'লেও পার্টি এটাকে দি ছােৱালীজনী তাৰ ভাৰাঘৰলৈ লৈয়েই যাবগৈ।
সেইমতেই সি পার্টিৰ আয়ােজনখিনিও কৰিলে।
অতিথিৰ তালিকাখন লৈ সি ভাবিলে, এটা কাম কৰিলে কেনে হয় !
মানে, সেই পার্টিটোলৈ সুৰেশকো নিমন্ত্রণ কৰিলে কেনে হয় !
পার্টিটোত সুৰেশৰ উপস্থিতি বা অনুপস্থিতিয়ে হয়তাে তাৰ মনৰ বহুখিনি প্রশ্নৰে উত্তৰ দি যাব পাৰে।
গতিকে, এদিন আবেলি সুৰেশক বাটতে পাই সি নিমন্ত্রণ এটা দিলে।
তাৰ পিছৰ তিনিটা দিন কেৱল অপেক্ষা। এটা উত্তৰৰ অপেক্ষা।
অনুষ্ঠানটোৰ দিনা নিমন্ত্রিতসকলৰ আদৰ-আপ্যায়ন আৰু আন দহটা কামৰ মাজে মাজে সি ৰাধাক লক্ষ্য কৰি থাকিল।
ৰাতি আঠ বজাৰ লগে লগে দীঘল পদূলিটোৰে যিমান দূৰলৈকে মনিব পৰা যায়, সিমান দূৰলৈকে সি এবাৰ চাই ললে আৰু ‘এতিয়া আৰু কোনাে নাহে চাগে’ বুলি দুৱাৰখন বন্ধ কৰি দিলে।
দুৱাৰখন বন্ধ কৰি ঘূৰি দিওঁতেই সি পিছে দেখিলে, ছােৱালীজনী কোঁচত লৈ ৰাধা ঠিক তাৰ পিছতে ৰৈ আছে।
সি তাইৰ মুখৰ ভাষা পঢ়ি চাবলৈ চেষ্টা কৰিলে।
কিন্তু, তাই যেন তাৰ বাবে সঁচাকৈয়ে এক দুর্বোধ্য অংক হৈ পৰিল।
তথাপিও, ৰাধাক আকৌ এবাৰ পৰীক্ষা কৰি চাবৰ বাবে তাৰ মন গ'ল।
‘আজিৰ অনুষ্ঠানটো কিন্তু ভালেই হ’ল,নহয়নে?
নিমন্ত্রণ কৰা আটাইবােৰেইতাে আহিল। খাদ্যবস্তুৰাে লােকচান নহ’ল।’
ৰাধাই কিন্তু একোৱেই নক’লে। টি.ৱিটো অন কৰি ছােৱালীজনী কোলাতে লৈ চোফাখনত তাই বহি ল'লে আৰু প্ৰগ্ৰেমবােৰ চাই থাকিল। তাইৰ চকু-মুখৰ সেই উদাসীনতাখিনি মানৱৰ বাবে কিন্তু এক গৱেষণাৰ বিষয়হে হৈ পৰিল।
পিছদিনা পুৱা সােনকালে উঠি ছােৱালীজনী কোঁচতে লৈ সি চোতাল
খনতে ইফালৰ পৰা সিফালে পাইচাৰি কৰি থাকিল আৰু তাই একো নুবুজিলেও