প্ৰচণ্ড খং আৰু ক্ষোভত ফাটি পৰি সেইটো পক্ষ এসময়ত যথেষ্ট পৰিমাণে অস্থিৰ হৈয়ে পৰিল আৰু নিজকে চম্ভালিব নোৱাৰি ৰাণাক এদিন বাটতে আগচি ধৰিলেহিঃ ‘তোমাক তিনিদিনৰ সময় দিছোঁ। তুমি এই ঠাই এৰি যাব লাগিব।’
আৰে, কথা কি, কাণ্ড কি! ইয়াৰ গাটো ফৰফৰাইছে কিয়!
ৰাণাতো দস্তুৰমত আচৰিত।
তাতে, সিহঁত দুয়োটা একে ঠাইৰে মানুহ।
ইয়ালৈ আহিয়েই ৰাণাই এদিন তাৰ লগত চিনাকিও হৈছিলগৈ।
কিন্তু, পদ্মাৰ লগত ৰাণাৰ কথা-বাৰ্তা আৰম্ভ হোৱাৰ পিছৰে পৰা মানুহটো একেবাৰে বেলেগ হৈয়ে পৰিল। তাক দেখিলেই তেৰাৰ খোজ-কাটলবোৰ অস্থিৰ হৈ পৰিল, চাৱনিটো ক্ৰুৰ হৈ পৰিল আৰু মুখখনৰ অভিব্যক্তি কঠোৰ হৈ পৰিল।
মানুহটোৱে এনেকুৱা কৰিবলৈ ল'লে যেন পাৰিলে সি ৰাণাৰ ডিঙিতে ধৰি গতিয়াই গতিয়াই নামদাং হাবিখন পাৰ কৰি থৈয়ে আহিবগৈ।
অনেকদিন, ৰাস্তাই-ঘাটে সি ৰাণাৰ গাত খুন্দা একোটা মাৰি থৈ গ’ল।
অনেকদিন, তাৰ স্কুটাৰখন ৰাণাৰ গাত লগাই থৈয়ো গ'ল।
অনেকদিন, ৰাণাক দেখুৱাই সি মুখখন বিকটাই থৈয়ো গ’ল।
অনেকদিন, ৰাণালৈ বুলি থু পেলাই থৈয়ো গ'ল।
ৰাণাই এই কথাবোৰ পদ্মাৰ আগত কৈ দিয়াতো উচিত বুলি ভাবিলে।
সেইমতে, এদিন সি এই কথাবোৰ পদ্মাক ক'লেও।
তাই কিন্তু তাৰ কথাখিনি বিশ্বাসেই নকৰিলে।
নকৰিবৰ কথাও। ৰাণাৰ বাহিৰে আনৰ ওচৰততো মানুহটো বিৰাট নম্ৰ- ভদ্ৰ হৈয়ে থাকে। আকৌ, সি হেনো বে-আইনৰ কথাও নকয়, কামো নকৰে।
তদুপৰি, সি হেনো ডাঙৰক সদায় সন্মান কৰে, সৰুবোৰক যথেষ্ট মৰম কৰে আৰু নিজৰ ডিউটিও ভালমতে কৰে।
এনে ক্ষেত্ৰত পদ্মাইনো এতিয়া ইয়াৰ কথা বিশ্বাস কৰিব কিয়!
আৰু, যদি পদ্ময়েই বিশ্বাস নকৰে, বাকীসকলক কৈতো লাভেই নাই।
তাতে, বিয়া পতাৰ আগৰে পৰাই, প্ৰায় এটা বছৰে, দহটা বাহানা দেখুৱাই শহুৰেকৰ ঘৰতে খলি পাতি বহি লোৱাৰ পিছৰে পৰা শাহুৱেক- শহুৰেকৰ মানত সিতো জোঁৱাই নহয়েই, বৰপুত্ৰহে হৈ পৰিল একেবাৰে!
তেওঁলোক ঘৰত নথকা সময়খিনিত সিয়েইতো হয়গৈ ‘ঘৰৰ মানুহ’!
তেন্তে, এতিয়া উপায়?
উপায় এটায়েই। মানে, বিয়াখন হৈ নোযোৱালৈকে ৰাণা তাৰ পৰা যিমান