সেইয়াই আৰম্ভণি। তাৰ পিছৰ তিনিমাহত মামনৰ হাতৰ কিমানটা মিঠৈ, কিমানটা পিঠা, কিমান কাপ চাহ, কিমান বাটি জলপান, কিমান বাটি মাছ-মাংসৰ জোল তাৰ পেটত সােমাইছেগৈ, তাৰ কিন্তু হিচাপ নাই।
অৱশ্যে, কিছুমান হিচাপ কোনােবাই নাৰাখিলেও আন কোনােবাই ৰাখে।
বিশেষকৈ, গাভৰু ছােৱালীৰ মাকবােৰে প্রতিকাপ চাহৰাে হিচাপ ৰাখে।
এই হিচাপখিনি অলপ চিজিল লগাই ল’বলৈ বুলিয়েই আবেলি সময়ত তেওঁ ডাইনিং টেবুলতে মামন আৰু দেউতাকৰ মুখামুখিকৈ বহি ল’লে।
‘আমিহে কথাবােৰ এনেকৈ ভাবি আছোঁ। তাকতাে সােধা হােৱাই নাই।
আজি নহ'লে কথাটো উলিয়াম নেকি!’
মামনে ওচৰতে বহি লৈ মাক-দেউতাকৰ কথাবােৰ, মানে তর্কা-তর্কিবােৰ শুনিলে আৰু এটা সময়ত নিজৰ বিচনাখনতে ওপৰলৈ মুখ কৰি পৰি থাকিলগৈ।
মাজে মাজে তাই মিচিকিয়াই হাঁহিলে। মাজে মাজে কান্দিলেও।
মানে, এই ঘৰখন আৰু মাক-দেউতাকক এৰি থৈ যাব লাগিব যে!
তথাপিও, সমাজৰ নিয়ম মানি লৈ ছােৱালীবােৰে এদিন নহয় এদিনতাে মাক-দেউতাকৰ ঘৰখন এৰি যাবই লাগিব। সব ল'ৰাতাে ঘৰজোঁৱাই হ'বলৈ নাহে।
পিছে, মনজিৎ যে এতিয়ালৈকে অহা নাই! ক’লৈ বা গৈছে!
সি ক’ত আছে ফোন কৰি সুধিবলৈকো তাইৰ কিবা লাজ লাজহে লাগিল।
সন্ধ্যা প্রায় সাত বজাত তাৰ বাইকখন গেইটৰ সমুখত ৰােৱাৰ লগেলগে এওঁলােকৰ ঘৰত এনে এক পৰিৱেশ হ’ল যেন মূল নাটকখনৰ আৰম্ভণিৰ ফাইনেল বেলটোহে পৰিল ।
এইয়া, গেইটখন খুলি সি সােমাই আহিছে, এইয়া বাইকখন ষ্টেণ্ড কৰি লৈ গেইটখন বন্ধ কৰিছে, এইয়া বাইকখন ঠেলি আনি বাৰাণ্ডাত ষ্টেণ্ড কৰিছে, এইয়া দুৱাৰ খুলি সােমাই গৈছে, এইয়া কাপােৰযােৰ সলাই বাথৰূমলৈ গৈছে, এইয়া ট্রাউজাৰ আৰু স্পর্টিং এটা পিন্ধিছে, এইয়া দুৱাৰখন জপাই সি ওলাই আহিছে, এইয়া এওঁলােকৰ ঘৰৰ ষ্টেপত ভৰি দিছেহি, এইয়া খােলা দুৱাৰেদি সি সােমাই আহিছে, ‘নক’ব আৰু, বুইছেনে! আজি বহুত ঘূৰা পকা হ’ল। মানে...’
কিন্তু, ই কি! সি যে এতিয়াও অহা নাই!
ওৱাল ক্লকটোলৈ তাইৰ বাৰে বাৰে চকু গৈ আছে।
সৌৱা, ঘড়ীটোৰ কাটাডাল গৈয়ে আছেঃ টিক, টিক, টিক!
ঠিক চাৰে সাত বাজিবৰে হৈছেহি। এতিয়া ক’তনাে আহিব আৰু!
‘ই কি কৰি আছে, খবৰ এটাকে কৰি আহােচোন, ৰহ!’