ঘৰুৱা কথাবোৰ কৈ থকা আৰু ক'ৰবাত কিবা বিসঙ্গতি চকুত পৰিলেই চকু ঘোপা কৰি চোৱা মানুহগৰাকীৰ গাত কেৱল ‘মাক মাক’ গোন্ধ।
নিজৰ মাক হেৰুৱালো যদিও মোৰ বাবে কিমান চিনাকি এই গোন্ধটো!
নিজুৱে মা বুলি মাতি থকা শুনি শুনি মোৰ মুখতো ‘মা’ ওলাইয়ে আহে।
‘ইমান দূৰ বাট! মোৰ মানে আ-ম-নি লাগি যায়, বুইছা?
নাহো বুলিয়েই ভাবিছিলো। কিন্তু, কো-নে-ও নামানিলে।
এতিয়া চোৱাচোন, কি-মা-ন কষ্ট!
সেই ৰাতি দুপৰৰ পৰা আহিয়েই আছোঁ, পোৱাগৈয়ে নাই।
আবেলি তিনিমান বাজিব যেন পাইছোঁ।’
মোৰ লগত ইমান নিভাঁজ অসমীয়া কৈ থকা মানুহগৰাকীয়ে নিজুৰ লগত বাংলা কলে মইতো ক্ষন্তেকলৈ আচৰিতেই হৈ পৰো।
পাহৰিয়েই যাওঁ যে তেওঁ জন্মসূত্ৰে ভাষিক বাংলা সমাজৰ মহিলা।
পিছ মুহূৰ্ততে অৱশ্যে মোৰ জ্ঞান উভতি আহে আৰু নিজৰ অঁকৰামিত নিজেই হাঁহিবলৈ মন যায়। কেতিয়াবা হাঁহিটো অলপ ওলায়েই যায়।
তেওঁলোকে সোধে, কি হৈছে।
কিনো কওঁ! নিজক বচাবলৈ কৌতুক এটাকে আৰম্ভ কৰোঁ আৰু!
মোৰ কৌতুকত তেওঁলোকে পিছে আমোদ পায় নে নাপায়, নাজানো।
তথাপিও, ৰস পোৱাৰ দৰেই হাঁহি একোটা মাৰে দেখোন!
এটা সময়ত, ট্ৰেইনখন আগবাঢ়িল বিস্তীৰ্ণ জলাশয় কিছুমানৰ মাজেদি।
নিজুৱে ক'লে, সেইয়া বানপানী। বৰাকৰ বানপানী।
সঁচায়ে, এক ভয়ংকৰ দৃশ্য!
কিন্তু কিয় জানো, ভয়ংকৰ দৃশ্য কিছুমানো যে ইমান আকৰ্ষণীয় হয়।
হয়তো, নিজে ভূক্তভোগী নোহোৱালৈকে এইবোৰ আকৰ্ষণীয়ই হয়।
কিন্তু, পিন্ধাজনেহে জানে জোতাই কেনেকৈ কাটে!
ট্ৰেইন লাইনৰ কাষে কাষে তম্বু তৰি লৈ গৰু-ছাগলীৰে সৈতে সহবাস কৰি থকা মানুহ কিছুমানৰ ওপৰত মোৰ চকু পৰিল। বেয়াই লাগিল।
নিজুৱে কিন্তু ক'লে, সেই মানুহখিনি সেই পৰিৱেশত অভ্যস্ত হৈ গৈছে।
আপোনাৰ, মোৰ দৰে ৰাখিলে সিহঁতৰ উশাহ-নিশাহ বন্ধ হৈহে যাব।
সঁচানে! অৱশ্যে, নহ'ব বুলিও ক'ব নোৱাৰি।
এবাৰ, আমাৰ ঘৰত কাম কৰিবলৈ অহা মানুহ এজনীক শুবলৈ বিচনা
এখন দিয়া হৈছিল। কিন্তু, পিছদিনা পুৱা মিছেচে দেখিলে, তাই বিচনাত নহয়,
৪৮