ওচৰা ওচৰিকৈ থ’লে কাঁহী-বাতিৰো কেতিয়াবা টুং টাং শব্দ হয়।
এতিয়া সেইবোৰকে ধৰি থাকিব নালাগে আৰু! নে কি কোৱা ৰশ্মি?
নৈতিক সমৰ্থন লাভৰ আশাত তেওঁ এইবাৰ ৰশ্মিৰ মুখলৈ চালে।
পিছে, ৰশ্মিয়েনো ক’ব কি?
তেওঁ এনেয়ো মাকৰ ঘৰৰ মানুহখিনিৰ বাদে আনক মানুহ বুলি নাভাবেই।
পৃথিৱীখনত অন্য মানুহ থাকে নাথাকে, তেওঁৰ দৰকাৰেই নাই।
তথাপিও, সমৰ্থনসূচক হাঁহি এটা ওঁঠত ওলোমাই লৈ তেওঁ ৰৈ থাকিল।
‘আচ্ছা, এতিয়া কথা হ’ল, আমি মানে কাইলৈ বা পৰহিলৈয়ে যামগৈ।
ইয়াত তিনিমাহ হ’ল আৰু! ভাৰাঘৰত এনেয়ে বেছিদিন থাকিব নাপায়।
আৰু এটা কথা, এইবছৰতে মাটি অকণো কিনো নেকি?
এওঁ মানে তাকেহে কৈ আছে। য'ত ত'ত চাই আছোঁ বাৰু।
চাওঁচোন, কেতিয়া ক’ত কি হয়!
আচ্ছা, আহিছোঁ বাৰু! তোমালোকে পিছে কথাবোৰ ধৰি নাথাকিবা!
ঘাকণত অলপ মলম লগাই থৈ এক ঈষৎ হাঁহিৰে অমল ওলাই গ'ল।
তেওঁ ওলাই যোৱাৰ লগে লগে বলিনে ৰশ্মিলৈ চাই শব্দহীন কিন্তু বিশেষ অৰ্থপূৰ্ণ হাঁহি এটা মাৰিলে। যেন ক'ব বিচাৰিলে, ‘দেখিলা? নিজে সৎ হৈ থাকিলে আনে যিমানেই যি কৰক লাগিলে, শেষত ভুল স্বীকাৰ কৰিবহিয়েই।
ৰশ্মিয়ে কিন্তু তাৰ সেই হাঁহিটোত তিলমাত্ৰও গুৰুত্ব নিদিলে।
‘খা অ’ এইজনী’ বুলি কৈ ছোৱালীজনীক আকৌ খুৱাবলৈহে লাগিল।
বলিনৰ মনটো কিন্তু মুকলি হৈ গ’ল।
এক গভীৰ তৃপ্তিত তাৰ মুখেদি গুণগুণকৈ গানেই ওলাই গ'ল।
সেইটো তৃপ্তি মনত লৈয়েই, গা-টো ধুই ল’বলৈ বুলি সি বাথৰূম পালেগৈ।
পিছে, বাথৰূমটো বন্ধ। মানে, কোনোবাই নিশ্চয় গা ধুই আছে।
ইপিনে, চাৰে আঠ বাজিলেই। অফিচলৈ যাবৰ হ’বই আৰু!
অগত্যা, টিউবৱেলৰ পাৰতে গাটো ধুবলৈ বুলি সি সাজু হ'ল।
তাতো, পিছে, অসুবিধা।
জাঙ্গিয়া, টাৱেল আদি পিন্ধি লৈ মুকলি ঠাইত গাটো ঘঁহি-পিহি ধুবলৈতো দিগদাৰ হয়েই। তদুপৰি, বাহিৰত গা ধুলে মালিকনীয়েও আপত্তি কৰে।
পিছে, তাকে নকৰিলে তাৰ এতিয়া আন উপায়ো নাই।
শেষত আৰু, চকু কাণ মুদি লৈ লৰালৰিকৈ গাটো ধুই সি গুচি আহিল।
ভাত-পানী খাই চাৰে ন বজাত অফিচলৈ বুলি সি ওলাই গ'ল।