কৰিছে।
আচঁৰিত হ’ল দেউতাকো। কণমানিজনীৰ মনত দেখোন ভাল ভাল চিন্তা।
“এনেকৈ যদি ময়ো উৰি যাব পাৰিলোহেঁতেন!!” ওপৰলৈ চাই চাইয়ে ইমনে ক’লে।
–“মানুহ তেনেকৈ যাব পাৰে নেকি, বুৰ্ব্বক।” নয়নে মুখতে ধৰিলে।
–“কিয় নোৱাৰি? উৰা জাহাজ ওলোৱা আগতে মানুহ এনেকৈয়ে উৰিছিল।”
দুয়োটাই দেউতাকলৈ চালে।
দেউতাকে পুনৰ ক’লে–
“এৰা; গেছত বেলুন উৰা দেখিয়ে গেছ ভৰাই বেলুনত যোৱাৰ বুদ্ধি ওলাল আক’।”
—“কেনেকৈ, কেনেকৈ দেউতা?” দুয়োটা দেউতাকৰ কাষ চাপি আহিল। সিহঁতৰ আগ্ৰহ দেখি দেউতাকে ক’বলৈ ধৰিলে – “এইবোৰ প্ৰায় আঢ়ৈশ বছৰৰ আগৰ কথা। ফ্ৰান্সৰ জন আৰু যোচেফ নামৰ ককাই ভাই দুটাই জুই পুৱাই আছিল। উৰি যোৱা ধোঁৱাবোৰ দেখি জনৰ এটা বুদ্ধি আহিল।”
“কি বুদ্ধি দেউতা?” সিহঁতে সুধিলে। তেওঁ সিহঁতৰ উৎসাহক বাধা নিদিলে। ক’লে–
“জনে দৌৰি গৈ এখন চিল্কৰ কাপোৰ যোগাৰ কৰি আনিলে। কাপোৰখন মোনাটোৰ দৰে কৰি তাত গৰম ধোঁৱা ভৰাই মুখখন বান্ধি দিলে। কাপোৰৰ বেলুন হৈ মোনা উৰি গৈ চিলিং পালেগৈ।
—‘বাঃ বাঃ’ নয়নে বৰ ৰস পালে।