খুড়াই বাওঁহাতটো লাহেকৈ এৰি দিলে। সঁচাকৈয়ে গিলাচটো তলমূৰকৈ ওলমি থাকিল। এবাৰ, দুবাৰ – কেইবাবাৰো খুড়াই খেলটো খেলিলে।
মামনে বৰ ৰঙ পালে। তাই হাত চাপৰি মাৰি হাঁহি উঠিল। মনে মনে চাই থকা বিকু দুপ দুপাই দৌৰিগৈ সকলোকে খবৰ দিলেগৈ – যে অমৃত মামাই যাদু দেখুৱাইছে।
গোটেইমখা চ’ৰা ঘৰ পালেহি। চবেই খেলটো চালে। পিছে
তুষালে ক’লে-
-“বঢ়িয়া৷ পিছে মই মামাক ফেইল মৰাম চাবা-।” এইবুলি সি
ভিতৰলৈ গ'ল। হাতত পানী এবটল আৰু কাৰেন্ট গ’লে বিচিবলৈ
থোৱা আইতাকৰ ডাঠ কাগজখনৰ পৰা কাটি টুকুৰা এটা লৈ আহিল।
তুষালে গিলাচটো পানীৰে পূৰ কৰিলে। তাৰপিছত ডাঠ কাগজৰ টুকুৰাটো গিলাচৰ ওপৰত ঢাকি দিলে। তাৰপিছত বাওঁহাতেৰে কাগজখন হেঁচা মাৰি ধৰি সাৱধানেৰে গিলাচটো উবুৰিয়াই দিলে। তাৰ পিছত সোঁ হাতেৰে গিলাচটো ধৰি থাকিল; কিন্তু কাগজখন হেঁচামাৰি ধৰি থকা বাওঁহাতটো আঁতৰাই আনিলে। অমৃত খুড়াই চাই হাঁহি থাকিল।
-“দেখিছা?” তুষালে ক'লে।
সচাকৈয়ে গিলাচটোৰ পৰা পানীও নপৰিল। কাগজখনো সৰি নপৰিল।
সকলোৱে হাত চাপৰি মাৰি কিৰিলিয়াই উঠিল।
-“কেনে দেখিলা মামা?” তুষালে হাঁহিমাৰি সুধিলে।
-“অতি সুন্দৰ!” অমৃত খুড়াই শলাগিলে।
গোটেইজাকে খেলটো খেলিবলৈ চেষ্টা কৰিলে। পিছে নোৱাৰিলে। গিলাচ যাতে পৰি নাভাঙে অমৃত খুড়াই তলত কঠ এখন পাৰি দিলে।