জীৱন কটাই আছো। যেতিয়া মানুহ প্ৰথম প্ৰথম জনম পাইছিল। মানে ধৰ আজিৰ পৰা প্ৰায় ২০ লাখ বছৰৰ আগতে। সেই মানুহবোৰ আছিল আদিম মানুহ।
-“তাৰমানে বান্দৰ যে?” বিজুৱে সুধিলে।
-“তেনেকৈ ক’ব নেপায়। বান্দৰৰ নিচিনা।” ককাই শুধৰালে।
–“সিহঁতে লাখুটি লৈ আছিল ককা?” পাপুৱে ককাকৰ কোলাত পিঠিফালে ভৰি দুটা থৈ মুখামুখিকৈ বহি সুধিলে।
-“ধেৎ অঁকাৰাটো। মই বাৰু তহঁতক ভালকৈ বুজাই কঁও দে।” ককাই পাপুক কোলাৰ পৰা নমাই ওচৰত বহুৱালে। বিজু আৰু অপুও বহিল।
-“বহুকালৰ আগতে- কৈছোৱেই নহয় ২০ লাখ বছৰতকৈও আগৰ হব। তেতিয়া পৰ্ব্বত-পাহাৰতকৈ চাৰিওদিশে কেৱল হাবি-জংঘল আৰু বিশাল সাগৰ, নদী আদিয়ে বেছি। হাবিবোৰত কিছুমান জীৱ আছিল, মানুহো নহয় বান্দৰো নহয়। সিহঁতে জপিয়াই জপিয়াই গছে গছে ঘূৰি ফুৰে। খোজ কাঢ়িব নেজানে দুইভৰিৰে। হাত দুটাও আগফালে মাটিত থৈ ভৰ দি আগবাঢ়ি যায়। সিহঁতৰ সংখ্যা বৰ বেছি নাছিল। মাজে মাজে বৰষুণত পানীৰে গোটেইখন একাকাৰ হৈ পৰে। সিহঁতে ওখ শুকান ঠাই বিচাৰি অ'ৰ পৰা তলৈ, ত’ৰ পৰা কৰবালৈ বাটকুৰি বাই বিচাৰি যাব লগীয়া হৈছিল। এইদৰে যাওঁতে যাওঁতে ভাগৰত অৱস্থা নাইকীয়া হয়, হাতৰ তলুৱা ফাটি যায়। বৰ কষ্ট কৰি দুইভৰিৰে খোজ কাঢ়িবলৈ শিকি ললে। প্ৰথম অৱস্থাত হাতৰ আঙুলিত জোৰেই নাছিল। পিছে পেটৰ ভোকৰ কাৰণে গছৰ ডাল ভাঙি, পুলি গছ উঘালি মৰিয়াই মৰিয়াই সৰু সৰু জন্তুবোৰ মাৰে। শিল দলিয়াইও পহু আদি মাৰে। এইদৰে কাম কৰোতে কৰোতে হাতৰ তলুৱা টান হ'ল। আঙুলিবোৰ পোন হ’ল।