এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৫
অসমীয়া মহাভাৰত
বোলে দেবগণে, পাণ্ডু সৈন্য ভৰে,
পৃথিবী তলক যাই।
কুৰু সৈন্য গণে, একত্ৰ মিলিলে,
কি মতে সহিবা আই॥
ব্ৰহ্মায়ে দেখিয়া, কৌতুক কৰন্ত,
পাণ্ডব চলিলা ৰণে।
আজি সে জানিলো, পৃথিবীৰ ভাৰ,
সংহৰিবে নাৰায়ণে॥৯০৭
মধ্যত যে চলে, ৰাজা যুধিষ্ঠিৰ,
শ্বেত যে চামৰে ঢুলে।
অসংখ্যাত পাত্ৰ, মন্ত্ৰী বেঢ়ি যাই,
দেখন্তে আনন্দ মিলে॥
তান আগে যাই, বীৰ বৃকোদৰ,
ভয়ঙ্কৰ গদা ডাঙ্গি।
হস্তীয়ুথ সমে, মহা পৰাক্ৰমে,
চমু কৰি পথ ভাঙ্গি॥ ৯০৮
তান পাছে যাই, বীৰ ধনঞ্জয়,
নৃপতি সব যোগানে।
ৰথৰ আগত, সাক্ষাতে মাধব,
প্ৰকাশন্ত বিদ্যমানে॥