এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
“চিৰ চেনেহী মোৰ ভাষা জননীৰ” — চলিহা
উদয়
[নগাওঁ গৱৰ্ণমেন্ট হাইস্কুলৰ তিনিমহীয়া আলোচনী]
১ম বছৰ মাঘ ১৮৬৮ শক ১ম সংখ্যা জানুৱাৰী ১৯৪৭
—উদয়—
শ্ৰীমান অজিত বড়া (৬ষ্ঠ মান)
ৰাতিপূৱা পূব ফালে কলা মেঘে ঢাকি ৰাখি
পাৰে জানো লুকুৱাব সূৰ্য্যৰ পোহৰ?
বই অহা জুৰিটিক নোৱাৰি ৰাখিব ভেদি
উটি যায় মানুহৰ কল্পনা সুন্দৰ।
যন্ত্ৰ যুগ জগতত দিনে দিনে মানুহেও
পাৰহৈ শত শত উন্নতি সপোন;
সীমাহীন আকাশত বিহাৰ কৰিছে চোঁৱা
হাঁহি হাঁহি উৰুৱাই জয়ৰ নিচান।
অসমৰ অসমীয়া তৰুণ তৰুণী হেৰা
তুমি ৰবা কিয় পৰি লক্ষ্য ভ্ৰষ্ট হৈ,
জনম ধৰিছা জানি খোজ যদি লব পাৰা
কৃতকাৰ্য্য লাভ হব, জানিবা নিশ্চয়।
কোনো কালে পৰা নাই কোনো বিদেশীয়ে আহি
অসমৰ প্ৰকৃতিক কৰিব হৰণ
ৰ’দ আৰু বৰষুণ দুয়ো মিলি সৃষ্টি হয়
আকাশৰ ৰাম-ধনুৰ সাতোটি বৰণ।