এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এখুটুৰা মাংস লই, পৰম হৰিষ হই,
কাক আহি পড়িল ডালত;
খাব কি লুকাই থ’ব, থ’লে কোনোবাই নিব,
ঘোৰ চিন্তা লাগিল মনত।
মঙ্গহ ঠোঁটেৰ ধৰি, চাৰিফালে দৃষ্টি কৰি,
বায়সে ভাবিছে সদুপায়;
অলপ * এতিয়া খাওঁ, অলপ লুকাই থওঁ,
সজ বস্তু নিৰ্মিলে সদাই।
দৃৰদৰ্শী লোকে কয়, যিটে সাঁচি ৰাখি খায়,
তাৰ কষ্ট নহয় হঠাতে;
বগলীয়ে যেটি পায়, মাছ ততালিকে খায়,
না পাইলে থাকে সুদা পেটে।
যত পায় তত খায়, অলপ সঞ্চিত নাই,
এই কৰ্ম্ম দৰিদ্ৰ-লক্ষণ;
গৃহীয়ে যি দ্ৰব্য পায়, কিছু সাঁচে কিছু খায়,
তেনে ৰীতি অতি বিচক্ষণ।
সচিন্তিত আছে কাক, এনেতে শিয়াল এক,
সেই গছ তলে উপস্থিত;
ওপৰলৈ চাই দেখে, মাংস লই কাকে মুখে,
ভাবে কাৰ্য্য কি কৰা উচিত।
* অলপ-অলপ্কৈ।