পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
আনন্দৰাম ঢেকিয়াল
 


তাৰ বাটবিলাক ঠেক। আৰু তেনে পৰিষ্কাৰ নহয়। পুৰণি এটা কিল্লা আছে, তাত এখান বাগিচা হৈছে। চৰকাৰী পীল- খান৷ ইয়াত আছে তাত অনেক হাতী আছে। ঢাকাত এখান চকবজাৰ আছে। তাতে এটা বৰতোপ আছে। পল্টন তেনে ভাল নহয়। ইয়াৰ ইংৰাজটোলা পৰিষ্কাৰ। ঢাকাৰ নবাবৰ ঘৰ ঢাকা নগৰত। ঢাকাত এটি কলেজ আছে এই নগৰ বুঢ়ী- গঙ্গা নদীৰ তীৰত। ঢাকা পুৰণি নবাবী আমোলৰ নগৰ। ফুকনে গাড়ী এখান কেৰেয়া কৰি এই নগৰ ভ্ৰমণ কৰিছিল। তাৰ পাচদিনা ঢাকা এৰি মেঘনা নদী সোমোৱা হল। বিক্ৰমপুৰ আৰু ৰাজনগৰৰ মাজেৰে পদ্মা নদীৰে আহি জাহাজ যমুনা পালে৷ ইয়াৰ দুইও ফালে সুন্দৰ সুন্দৰ গাঁওবিলাক দেখা গৈছিল। তাৰ পাচদিনা ৮ এপ্ৰেল তাৰিখে চিৰাজগঞ্জ পোৱা হল। চিৰাজগঞ্জত অনেক নাও। ফুকনে বাৰী চাহাবৰ কোষ্ঠাৰ কুঠী চাবলৈ গৈছিল। তাৰপৰা জাহাজ মেলি পাতিলাদহ পৰগণাৰ ওচৰেৰে দেওয়ানগঞ্জ, যাত্ৰাপুৰ প্ৰভৃতি এৰি ১২ এপ্ৰেলত ধুবড়ী পোৱা হল। ধুবড়ীৰপৰা জাহাজ ১৩ এপ্ৰেলত গোৱালপাৰা পালে৷ বিজনী ৰজাৰ কাৰ্য্যকাৰক গৌৰমোহন ঘোষ, ৰামলোচন চৰকাৰ প্ৰভৃতিৰে ফুকনে কথা-বাৰ্ত্তা কলে। ৰজাই ফুকনলৈ ইয়াকে কৈ পঠালে বোলে তেওঁ সকলো ভাৰ ফুকনক দিছে, তেওঁ একো নাজানে, তেওঁ যাতে পৰে এনে কৰিব। ইয়াকে শুনি ফুকন ৰজাৰ উপকাৰৰ নিমিত্তে দৃঢ়প্ৰতিজ্ঞ হল। তাৰ পাচদিনা গোৱালপাৰা এৰি জাহাজ গৈ দুৰামাৰীৰ নামে থাকিল। ১৫ এপ্ৰেলত ৩॥ বজাত গুৱাহাটী পালে। কৰ্ণেল মেথী আৰু মেজৰ বেচ চাহাবে সৈতে জাহাজতে সাক্ষাৎ হল। ঘৰৰপৰা যোৱা পাল্কীত উঠি ফুকন ঘৰলৈ গল। মাতা, বিমাতা, পত্নী, কন্যা আৰু আন আন প্ৰিয়জনক দেখি তেওঁ বৰ সন্তোষ পালে। ফুকনে কলিকতাৰপৰা আহোঁতে