পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/26

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৪ ]

আৰু তৰাবিলাক উজ্জ্বল হয়। গছলতা সকলোৱে ৰস ধৰে আৰু বাঢ়ে। কোনোৰ গজালি মেলে, কোনো ফুলে, কোনো কলিয়ায়। চৰাইবিলাকে মনৰ আহ্লাদেৰে নানা সুৰেৰে গান কৰিবলৈ ধৰে। সকলো জীৱজন্তুৰ মন প্ৰফুল্ল হয়।

দহ দিশ।

 পূব, পশ্চিম, উত্তৰ, দক্ষিণ, ঈশান, বায়ু, নৈঋত, উৰ্দ্ধ্ব, অধঃ। ৰাতিপুৱা যিফালে বেলি ওলায় তাক পূব, যিফালে বেলিটো মাৰ যায় তাক পশ্চিম বোলে। পূব ফালে মুখ কৰি ঠিয় হলে বাঁও হাতৰ দিশক উত্তৰ আৰু সোওঁ হাতৰ দিশক দক্ষিণ বোলে। উত্তৰ আৰু পূবৰ মাজৰ চুকটোক ঈশান, পশ্চিম আৰু উত্তৰৰ মাজৰটোক বায়ু, দক্ষিণ আৰু পশ্চিমৰটোক নৈঋত, পূব আৰু দক্ষিণৰটোক অগ্নি বোলে।

পাঁচ ইন্দ্ৰিয়।

 চকু, কাণ, নাক, জিবা, আৰু ত্বক।

আঠ ধাতু।

 সোণ, ৰূপ, লো, তাম, পিতল, সীহ, ৰাঙ্গ, ৰহ।


অন্ত।