পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/24

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২২ ]

বৃষ্টি হয় আৰু মেঘৰ গৰ্জ্জন শুনা যায়। নৈ, খাল, পুখুৰিবিলাক পানীৰে ভৰে। বাটপধূলিবিলাকত বোকা হয়। কেতেকী আৰু কদম আদি ফুলৰ গোন্ধত চাৰিও দিশ মলমলায়। মাটিকঁঠাল, মধুৰিয়াম প্ৰভৃতি সোৱাদ ফলবিলাক পকে। এই সময়ত খেতিয়কবিলাকৰ শুৰ্ত্তি শান্তি নেথাকে। হাল বোৱা, কোৰ ধৰা, ৰোৱা, তোলা প্ৰভৃতি কামত পুৱাগধূলি সিহঁত ব্যাপৃত থাকিব লাগে।

শৰৎ।

 ভাদ আৰু আহিন এই দুই মাহ শৰৎকাল। এই সময়ত আকাশ পৰিষ্কাৰ আৰু ৰদ টান হয়। আলিপধূলিবিলাকৰ বোকা শুকায়। নৈপুখুৰিৰ পানীবিলাক নিৰ্ম্মল হয়। চন্দ্ৰ আৰু তৰাবিলাকৰ জেউতি বাঢ়ে। পদুম আৰু ভেঁট ফুলি জলাশয়ৰ শোভা বঢ়ায়। হাঁহ, বগ প্ৰভৃতি চৰাইবিলাকে মহানন্দে সাঁতুৰি আৰু চৰি ফুৰে। তাল, নাৰিকল প্ৰভৃতি ফল পকে। শৰৎকালত পথাৰ-জোৰা ধান দেখি চকুৰ বৰ তৃপ্তি হয়। এই কালত সকলো প্ৰকাৰৰ মাছ আৰু শাক আৰ্জ্জিবৰ সময়।