পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/17

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৫ ]

ক্ষ ম ক্ষ্ম সূক্ষ্ম, লক্ষ্মী।

 

ৰুক্মিণী শ্ৰীকৃষ্ণৰ সৰ্ব্ব প্ৰধান ভাৰ্য্যা আছিল।
বাগ্মীলোকে বৰকৈ মানুহৰ মন আকৰ্ষণ কৰিব পাৰে।
আত্মা তুষ্ট হলে সকলো তুষ্ট হয়।
পদ্ম ফুল অতি মনোহৰ।
অযুগুত কথাত সন্মত নহবা।
বাল্মীকি নামে এজন মুনি আছিল।
মৰিশালিক শ্মশান বোলে।
ভীষ্মদেৱ বৰ জ্ঞানী আছিল।
অধ্যাপকৰ উপদেশ স্মৰণ ৰাখিবা।
ব্ৰাহ্মণক ফলি মোহৰ কৰি নিষ্কৰকৈ দিয়া মাটিক ব্ৰহ্মোত্তৰ বোলে।
ধৰ্ম্মস্য সূক্ষ্মা গতিঃ।


লকাৰ।

 

ক ল ক্ল ক্লেশ, শুক্ল, ক্লান্ত।
গ ল গ্ল গ্লানি।
প ল প্ল বিপ্লৱ।
শ ল শ্ল শ্লাঘা, আত্মশ্লাঘা।