পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

যষ্ঠ, সপ্তম আৰু অষ্টম আক্ৰমণত যথাক্ৰমে ১৫২৭, ১৫৩১ অঞ্চ ১৫৮৭ত জয়ে জয়ে এই আহোম সাম্ৰাজ্যবাদীবিলাকৰ লগত তেওঁলোকৰ চুহুংমুং বা দিহিঙীয়া ৰজাৰ (১৪১৭-১৫৩৯ ) দিনত ভেটা- ভেটি হয়। ১৫২৭ ব আক্ৰমণত মোগল- সেনাপতি বিত্ মালিকক খাগৰিজানত (বৰ্তমান নগাঁও) হত্যা কৰা হয়, আৰু পলৰীয়া মুছলমান সেনাৰ পৰা ঘোৰা, বৰটোপ ,আৰু হিলৈ অসংখ্য পৰিমাণে কাঢ়ি লোৱা হয়। ১৫৩২ ৰ এপ্ৰিলত মোগল সেনাপতি তুৰ্বক হুছেনক বধ কৰা হয় আৰু প্ৰায় এক হাজাৰ হাতী আৰু ঘোৰা, অলেখ হিলৈ আৰু বৰটোপ, ধন- সোণ আৰু আন বহুমুলীয়া বস্তুবাহনি এৰি মুছলমান সৈন্যবিলাক পলাই যায় আৰু জয়ে জয়ে এই যুদ্ধতে আহোম সৈন্যই খাৰ-বাৰুদ চলায় বুলি কয়। টেৱাৰ্ণিয়াৰ মতে, এই আহোমবিলাকেই পোনতে খাৰ-বাৰুদ উলিয়ায়; পাছত অসমৰ পৰা এই খাৰ-বাৰুদ পেগুলৈ আৰু পেগুৰ পৰা চীন দেশলৈ যায়, এই বাবেই বহুতে খাৰ- বাৰুদৰ চীনাই উলিওৱা বুলি ভুল কৰে। মীৰজুমলাই অসম আক্ৰমণ কৰোঁতে যে অসমত তৈয়াৰি বহুত হিলৈ বৰটোপ আৰু খাৰ-বাৰুদ গোটাই লৈ গৈছিল, তাত কোনো ভুল নাই; আৰু সেই খাৰ-বাৰুদবোৰ ইংলণ্ডত তৈয়াৰি কৰাৰ নিচিনা ঘূৰণীয়া আৰু উত্তম। নৱমৰ পৰা চতুৰ্দশলৈ মোগল আক্ৰমণ যথাক্ৰমে ১৫৬৮, ১৬১৫, ১৬১৭,১৬৩৫ (দুবাৰ), আৰু ১৬৩৭ত হয় আক্ৰমণকাৰী মুছলমান সৈন্য ঘাটি খাই পলাই যায়। মোগল আক্ৰমণৰ উপৰিও আহোমবিলাক ছলে-বলে জয় কৰা কছাৰী বিলাকৰ লগত গৃহযুদ্ধ, আৰু মল্লদেৱ বা নৰনাৰায়ণ (১৫৪০-৮৪) আৰু তেওঁৰ ৰাজভ্ৰাতৃ আৰু সেনাপতি শুক্লধ্বজ বা চিলাৰায়ৰ নেতৃত্বত গঢ়ি উঠা নৱোদিত কোচ ৰাজশক্তিৰ সৈতে সংঘৰ্ষ হয়। মোগলৰ লগত কোচ আৰু আহোমৰ সুকীয়াকৈ লগা যুদ্ধৰ ফলত গৃহ-কন্দল আদিৰ বাবে দুৰ্বল হৈ পৰা কোচ ৰাজশক্তিয়ে প্ৰাণনাৰায়ণ ৰজাৰ দিনত (৬৩৩-৬৬) মোগলৰ ওচৰত আত্মসমৰ্পণ কৰে, আৰু আহোম ৰজাই ১৬৩৮ত অস্থায়ীভাৱে সন্ধি কৰে; মুছলমান বুৰঞ্জীৰ দ্বাৰা এইবিলাক ঘটনা সম্পূৰ্ণ সমৰ্থিত হয়।

“(খ) সামাজিক পৰিস্থিতি:—” পুৰণি অসমত যথাক্ৰমে দশম আৰু পঞ্চদশ শতিকা মানত ৰচিত বোলা ভাৰত -প্ৰসিদ্ধ সংস্কৃত গ্ৰন্থ কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰই অন্ধকাৰময় প্ৰাচীন অসমীয়া সমাজৰ সৰহখিনিত ফট ফটীয়া পোহৰ পেলায়। বাহিৰে দেখাত ৰাজনৈতিক ফালৰ দৰেই সমাজ-নৈতিক ফালেও ই এক যুজ-বাগৰৰ কাল; আহোমবিলাকৰ ধৰ্ম আদিতে কি আছিল কোৱা টান হলেও তেওঁলোকৰ পূৰ্ববৰ্তী বাৰভূঞা