পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৮
নতুন পোহৰয় অসমীয়া সাহিত্যৰ বুৰঞ্জী


আৰু তাৰ পাছত ঢাক্কা, কাশী আদি ঠাইত আৰম্ভ কৰে। “বঙ্গৰ জাত আৰু ফৈদবোৰ”ৰ বিষয়ে সুপণ্ডিত ৰিছলিয়ে বা অনুসন্ধানৰ সহানুভূতিমূলক অনুষ্ঠান ৰূপে এডৱাৰ্ড গেইটৰ প্ৰস্তাৱ আৰু ৱিলিৱাৰ ৱাৰ্ডৰ সন্মতি মতে ১৮৯৪ ৰ ২ জুলাইত অসম এথ্ নগ্ৰাফী (অসমৰ জাতিতত্ত্ব) বিভাগ পতাৰ জাননী দিয়া হয়; আৰু ১৮ জুলাইৰ অসমৰ চীফ কমিস্যনাৰ লায়েলে অসমৰ পুৰণি বুৰঞ্জী আৰু ধৰ্মপুথিবোৰ গোটাবৰ আৰু তাৰ বাবে অৰ্থ সাহায্য দিবৰ প্ৰস্তাৱ কৰে। ততালিকে গেইটে সেইমতে এখন আঁচনি কৰি দিয়াত ১৮৯৪-৯৫ৰ শেষ ছোৱাৰ খৰচৰ বাবেই ৫০০ টকা আৰু তাৰ পাছৰ তিনি বছৰৰ বাবে বছৰি ১০০০ টকাকৈ মনোনীত কৰে। ইয়াৰ প্ৰথম ফল ৰূপে ১৮৯৭ৰ ২৩ জানুৱাৰীত গেইটে “অসমত বুৰঞ্জীমূলক অনুসন্ধানৰ উন্নতিৰ জাননী” বুলি যি আঁচনি দিয়ে সেই বছৰতে সি প্ৰকাশিত হয়; নকলেও হব ১১০৫ত প্ৰথম প্ৰকাশিত গেইটৰ অসম বুৰঞ্জীৰ সঁজুলি এই দৰেই গোটোৱা হৈছিল। এই বিভাগত গেটইৰ পৰবৰ্ত্তী ৰূপে কৰ্ণেল গৰ্ডনৰ ১১০০ত “হেমকোষ”ৰ সম্পাদন আৰু প্ৰকাশ, অসমীয়া পটন্তৰৰ সংগ্ৰহ আৰু প্ৰকাশ, আৰু অসমীয়া মোহৰ, মৰাণ, খামটি আৰু আহোম বিষয়ক অনুসন্ধান এই সময়ৰ ঘাই কাম। ১৯০৪ত চীফ কমিস্যনাৰ ৰেম্ ফিল্ড ফুলাৰে এই বিভাগৰ যত্নত অসমৰ পৰ্বতীয়া জাতিৰ বিষয়ে নানা বিৱৰণ প্ৰকাশ কৰিবলৈ ধৰে; আৰু কেইবছৰমানৰ ভিতৰতে মিকিৰ, কছাৰী, লুচাই, কুকি, মেথি, খাছিয়া আদি নানা জাতিৰ বিৱৰণ ওলাল। ১৯১২-১৩ত হেম গোস্বামীয়ে এই বিভাগৰ যত্নতে অনুসন্ধানৰ কাম আৰম্ভ কৰে; ১৯২০ত গৰ্ডনে অসম এৰাত তেওঁৰ পৰবৰ্ত্তী ডক্টৰ হট্টনে ছেমা, আঙ্গামি, লোঠা আৰু আও নগাবোৰৰ বিষয়ে অনুসন্ধান কৰি আধুনিক নৃতত্ত্বৰ বুৰঞ্জীত যশ আৰ্জে।

 দেশী-বিদেশী কেইবাজনো পণ্ডিতৰ উমৈহতীয়া চেষ্টাত ১৯১২ ৰ ৭ এপ্ৰিলত কামৰূপ অনুসন্ধান সমিতি পতা হয়; আৰু জাতি-তত্ত্ব বিভাগে নৃ-তত্ত্বত আচুতীয়াকৈ লগাত তাৰ আন কামবিলাক এই বিভাগে হাতত লয়। ১৯১৬ৰ ২৬ দিশেম্বৰত অসম ছাত্ৰ সম্মিলন পতা হয়। নিজ মুখপাতৰ বাহিৰেও সন্মিলন গ্ৰন্থাৱলী, হেমচন্দ্ৰ সোঁৱৰণী গ্ৰন্থাৱলী আদি নামেৰে প্ৰথম দহ বছৰ মানত ইয়াৰ পৰা ভালেখিনি লাগতিয়ল গ্ৰন্থ প্ৰকাশিত হয়। ইয়াকে অনুসৰণ কৰি অসম মুছলমান ছাত্ৰ সম্মিলনো এই শতিকাৰ দ্বিতীয় দশকৰ আগভাগত স্থাপিত হয়। ১৯১৭ৰ দিশেম্বৰত অসম সাহিত্য সভা