চন্দ্ৰকান্তক তৰাতলীলৈ নিওঁতে পুৰনাৰীসকলৰ বিলাপ-বৰ্ণনা বিতোপন—“চন্দ্ৰকান্ত
মহাৰাজা। চন্দ্ৰৰ সমান তেজা॥ নাম চন্দ্ৰকান্ত কয়। চন্দ্ৰ যেন প্ৰকাশয়॥ কৰিলা অঙ্গক
খুন। তভো শান্ত নোহে মন॥ নগৰৰ বাজ কৰি। লৈয়া যায় দূতে ধৰি॥ নাহি একো
ৰথযান। মেঘে কৰে বৰিষণ॥ নাহি দণ্ড ছত্ৰ তাত। মাথে এক জাপি মাত্ৰ॥ পথে
পঙ্ক আছে হুই। ভূমি গতি চলি যায়। দিচৈ ভোগদৈ পাৰ হই। লোক সবে আছে
চাই॥ প্ৰজাসৱে বেঢ়ি যায়। কতো হিয়া ধাকুৰায়। চিত্ৰৰ পূতলী যেন। হেন ৰাজা
ভৈল কেন। এহি বুলি কান্দে কতো। কোনো বাধা দিয়ে তাতো॥ নকান্দস বৰ
কৰি। নিব ৰাজদূতে ধৰি। নৃপতিৰ হেন দুখ। তেবে কি চাহিব মুখ। এহিমতে নৃপতিক।
বেঢ়ি যায় বহু লোক॥ জগত নাহিক কেও। দুই বাহিনী আৰু মাও॥ আবৰিয়া আছে
কাষে। ৰাজদূত আগে-পাছে। চেউনি আলি পথ ধৰি। গৈয়া পাইল কেন্দুগুৰি। তাহাতে
বসিলা ৰাজা। চাৱে বেৰি সৱ প্ৰজা॥ টেকেলা ভাবুকি দেয়। হাতে বেত তুলি লয়॥
ৰাজা বাধা দিয়ে তাক। নবাধিবা চাওক মোক॥ দেখিবেক কোন দিনে। তত বাধা
কৰ কেনে॥ শুনি হেন নবাধিল। ভালৰূপে সৱে চাইল॥ কিছুমান কহি তাতে।
চলিয়া গৈলেক বাটে॥ প্ৰজাসৱে কান্দি কয়। নৃপতিক লৈয়া যায়। যাইবাক নপাৰে
ভৰি। দেখি কটোৱালে ঘূৰি॥ জনাইল মন্ত্ৰীৰ আগে। যান এক দিবা লাগে। চলিতে
নপাৰে পাই। তেজ ফুটি বাহিৰায়॥ সেহিমতে নিবো কেনে। গৈয়া পাইবোঁ কোন
দিনে। শুনি ঘোৰা দিল এক। তুলি নিল নৃপতিক॥ সেহি মতে লৈয়া গৈলা। তৰাতলী
হাট পাইলা। তাতে বাসা গৃহ কৰি। নৃপতিক থৈল ভৰি॥ প্ৰহৰা দিলেক তাত। ৰখি
থাকে দিনৰাত॥ সামান্য কোন লেখা। হৰি পাৱে কৰা আশা। গুচিবে দুৰ্গতি
দুখ। নিজানন্দ পাইবা সুখ॥"
গোপীনাথ চক্ৰবৰ্তী একে সময়ৰে নামনি অঞ্চলৰ কোনো গাঁৱলীয়া কবি; এওঁৰ কলঙ্ক-ভঞ্জন”ৰ ৰচনা তেনে সুৰুচিসঙ্গত নহয়।—
“কৃঞ্চৰ চৰণে ধৰ বোলে ৰাধা ব্ৰজেশ্বৰী
শুনাহে মুৰলীধাৰী মোৰ মনোদুঃখ।
গাঁওৰ যিগিলা আছে গিৰি সকলে বোলে বাদুৱা তিৰি
এই দুঃখে উল্যাবা নৰোঁ মুখ॥...