পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
আদি মধ্যযুগৰ অসমীয়া সাহিত্য


নাম নাছিল; বিক্ৰমাদিত্য উপাধিৰ দৰেই আফ্ৰছিয়াৰ এটা উপাধি, অৰ্থ 'পাৰস্য- বিজেতা'। এই পিছৰ মত গ্ৰহণ কৰিলে অৰ্থাৎ খৃষ্টীয় চতুৰ্থ শতিকাৰ ৰজা বুলিলে, তেওঁৰ পুতেক মণিকোঁৱৰ আৰু নাতিয়েকে ফুলকোঁৱৰ সম্পৰ্কীয় এই গীতকেইটিৰ কাল অৱশ্যে ষষ্ঠ শতিকা মানৰ ভিতৰত পৰে।

 কাঁচন-কুৱৰীৰ গীতত শঙ্কলাদিৱৰ নাতিয়েক ফুল-কোঁৱৰৰ জন্মৰ কাহিনী- মণিকোঁৱৰ হেৰোৱাৰ পৰাই বৰ্ণাইছে।—

'শঙ্কলাদিৱ ৰজাৰ পুতেক মণিকোঁৱৰ হেৰাল পানীত পৰি।
শঙ্কলাদেৱ ৰজাৰ কাঁচন বোৱাৰী থাকিল গলত জৰী॥
উজনি-নামনিত মণি কোঁৱৰক বিচাৰি নাপালে পাৰ।
শঙ্কলাদিৱ ৰজাৰ কাঁচন বোৱাৰীৰ ৰল ছমহীয়া ভাৰ॥

 ফুলকোঁৱৰ গীত" অনুসাৰে ফুলকোঁৱৰ ডাঙৰ-দীঘল হোৱালৈকে নৃপতি শঙ্কলাদিৱ জীয়াই আছিল; বাঢ়ৈৰ হতুৱাই ককাদেৱতাকে সজাই দিয়া কাঠৰ পখী-ঘোৰাত উঠিয়ে ফুলকোঁৱৰে পিতাকক বিচাৰি ওলাল। এইখিনিৰে পৰাই কবি-কল্পনাৰ ৰূপত ৰহন চৰিল আৰু ফুলকোঁৱৰে সচাকৈয়ে বসন্ত-কোঁৱৰ হৈ মোহন ইন্দ্ৰজাল তৰিলে। বাৰ বছৰৰ মূৰত অতি অভিনৱভাৱে মালিনীৰ ফুলনিলৈ বাসন্তী সৌন্দৰ্য্যৰ ধল অহাত তাই আচৰিত হৈ চাওঁতেই ফুল- কোঁৱৰক দেখি দুনাই বিমোৰত পৰিল, কিয়নো তেওঁক “দেৱ নে মনিছ" ধৰিব নোৱাৰিলে। ফুলকোঁৱৰে নিজৰ চিনাকি দিয়াৰ পাছত উপযুক্ত বৰ ভাবি মালিনীয়ে তেওঁক পস্তুলা কুঁৱৰীৰ লগত গোপনে পৰিচয় কৰালে, আৰু ফুল- কোঁৱৰে পস্তুলালৈ “ফুলতে গুঁথিলে, ফুলতে লিখিলে, ফুলতে বাতৰি দিলে।” তাৰ পাছত অৱশ্যে উষাৰ অগ্নিগড়ৰ ভিতৰত অনিৰুদ্ধ ধৰা পৰিল আৰু তাৰ পাছত দুইৰো শুভ পৰিণয় সমাপ্ত হল। এইখিনিতো ইতিহাসৰ পৰা বহুত আঁতৰি আহি কুমাৰ-সম্ভৱৰ অকাল বসন্ত বা ইউৰপীয় পুৰাণৰ বসন্তৰ আগমন উৎসৱ দেখা পোৱা হয়। ইয়াৰ ভাষা আৰু বৰ্ণনাও অৱশ্যে অকল বৈষ্ণৱ যুগেই নহয়, আহোম যুগৰ মাজেদিও বৰ্তমান যুগত সোমায়হি : কেৱল ইয়াত যি প্ৰকৃতি-পুৰাণৰ সষ্টি হৈছে, তাৰ পৰাই নিতান্তই প্ৰাচীনত্ব কিবা থকা বুলি ভাবিব পাৰি।

 এনে কাব্য-কাহিনীবোৰক অসমীয়াত অকল “গীত" বোলা হয়; এইকেইটি প্ৰাক্-ঐতিহাসিক গীতৰ বাহিৰেও ঐতিহাসিক আধুনিক “জনা-গাভৰুৰ গীত’’