পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


সৈতে এটি চেপা-কল সৰ্বহ কৰি সদিয়াত বহে। অলপ দিনৰ ভিতৰতে খামতি আৰু অসমীয়া মাত কথা শিকি তেওঁলোকে নকৈ পতা পঢ়াশলিৰ বাবে ব্ৰাউনে এই দুই ভাষাতে পঢ়াশলীয়া পুথি লিখে৷ তাৰ পাছত তেওঁ বাইবেলখন অসমীয়ালৈ ভঙা কামত ৰাতি-দিন কৰি একাণ-পতীয়াকৈ লাগে। ১৮৩৮ ৰ সেপ্তেম্বৰত এওঁৰ জীয়েক কুমাৰী ছফিয়া ঢুকায়; কিন্তু সন্তপ্ত পিতৃ-মাতৃয়ে সেই পুথি লিখা, ধৰ্মপ্ৰচাৰ কৰা, আৰু পঢ়াশালিত শিকোৱা কামৰ পৰা মূৰ নাদাঙিলে। ১৮৩৯ৰ জানুৱাৰীৰ খামতি বিদ্ৰোহত এওঁলোকে কথমপি প্ৰাণ লৈ জয়পুৰলৈ পলাই সাৰে। এই বছৰৰে মে'ৰ পৰা এওঁলোকে আকৌ জয়পুৰত চেপা কল বহুৱাই অসমীয়া , শ্যান, চিংফৌ , নগা আদি ভাষাত ৰ’মীয় আৰু অসমীয়া দুই বিধ হৰফেৰে ছপা কাম চলায়৷ ১৮৪৪ ত কট্টৰ পৰিয়ালেৰে লগ লাগি এওঁলোকে তাৰ পৰা শিৱসাগৰলৈ যায়, আৰু এয়ে অসমত থকা তেওঁৰ বাকী ছোৱা কালৰ পবিত্ৰ কৰ্মক্ষেত্ৰ হয়। কুৰি বছৰ কঠোৰ প্ৰবাস আৰু পৰিশ্ৰমৰ পাছত ১৮৫৫ত এওঁ অসম এৰে, আৰু পছৰ পোন্ধৰ বছৰ কাল নিজ জন্মভূমিত কটায়। এওঁ আমেৰিকান বেপাটষ্ট কাকতৰ সম্পাদক আছিল, আৰু ৰাজনীতিত দাসত্ব প্ৰথাৰ ঘোৰ বিৰুদ্ধবাদী নেতা আছিল। ১৮৭২ ত এওঁ জাপানলৈ যায় আৰু য়াকোহামাত থাকি জাপানী ভাষা শিকি দুবছৰৰ ভিতৰত জয়ে জয়ে নিউ টেষ্টামেন্ট জাপানী ভাঙনি উলিয়ায়। ১৮৮৬ ৰ ১ জানুৱাৰীত ৭৯ বছৰ বয়সত য়াকো- হামাত এওঁ ঢুকায়।

 অসমীয়া সাহিত্যলৈ ব্ৰাউনৰ দান স্বৰূপতে অতুলন। ১৮৩৬ ত অলিবৰ টি কট্টৰেৰে এৱেঁইে পোনতে অসমত আখৰ-চেপা কল বহুৱায় আৰু ইয়াত ভৰি দিয়াৰ মুঠেই আঢ়ৈ মাহৰ ভিতৰত শিক্ষা বিস্তাৰৰ বাবে পঢ়াশালি পতি জয়ে জয়ে তাৰ বাবে অসমীয়া পুথি লিখে আৰু নিজে ছপাই উলিয়ায়। এৱেঁই পোনতে নিউ টেষ্টামেন্টখন সম্পূৰ্ণকৈ অসমীয়ালৈ ভাঙি ১৮৪৮ ত ছপাই উলিয়ায়, আৰু “আমাৰ ত্ৰাণকৰ্তা প্ৰভু খৃষ্টৰ নতুন নিয়ম” নাম দিয়া এই পুথিখন ১৮৭৩ ৰ ভিতৰত শিৱসাগৰৰ বেপটিষ্ট মিস্যন প্ৰেছত চাৰি বাৰ ছপা হৈ ওলায়। ব্ৰাউনে নিজে ইয়াৰ তিনি সংস্কৰণ উলিয়ায়; চতুৰ্থটি এওঁ অসম এৰাৰ পাছত আৰু পঞ্চমটি ১৮৯৮ ত কলিকতাৰ বেপটিষ্ট মিস্যন প্ৰেছৰ পৰা ওলায়। “মাথি, মাৰ্ক, লুক, য়োহান, এই চাৰিখন পুথিৰ