পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫৮ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী বিষয় বন্ধু : ধৰ্মদেৱ ভূঞা নামৰ বামুণ এজনৰ কুৰা আৰু ছন্দতাৰা বুলি দুজনী ঘৈণীয়েকৰ দ্বন্দ্ব লাগি কুগুতাবাই ছন্দতাৰাৰ কেচুবাটি হাৰিত মুকুই হোৱাত এজনী শিয়ালে ভ্ৰাক তুলি ললে। “এক দিন৷ প্ৰভাত, সূৰ্য্য মহা উদশত, অসি বাক্স ভৈলেক গৱৰ, আৰু পিক ঘূৰি আহি পুতেকক উদ্ধাৰ কৰি আনিলে। কৰিৰাজ চক্ৰবৰ্ত্তীয়ে ভাস্বতী নামৰ সৰস্কৃত জ্যোতিষ গ্ৰন্থৰ কথা- ভানিত এই বুলি এটি শ্লোকেৰে আত্মপৰিচয় দিছেঃ “বিপনকমল প্ৰণম্য মূৰ্দ্ধা সুমতিক খণ্ডে ভাস্বতী প্ৰবন্ধে। ৰচতি কৰািজ চক্ৰবৰ্তী নিজ সুত মহাভিদে কথাম্ দ্বিাগ্ৰে। সামৰণিত কথাৰে লিখিছে, "শ্ৰীমন্ত ডাক আজ সৰস্বতী শ্ৰীববিৰাজ চক্ৰবৰ্তী বিৰটিত ভাস্বতী শাৰ কথা সমাপ্ত হইল।" ইয়াৰ পৰা বুজিব পৰি পুতেক পতাক দুয়ো পৰম পণ্ডিত আছিল; অসমীয়া ভাস্বতীও সংস্কৃত আখৰুৱা ভাঙনি মাত্ৰ নহয়, আঞ্চ য'তে তেওঁ মূলৰ পৰা ফালৰি কাটিছে ত'তে সূৰ্যসিদ্ধান্ত আৰু মহাজ্যোতিষৰ মূল উদ্ধৃত কৰিছে। এওঁৰ ঘাই নাম ৰামনাৰায়ণ আৰু এই নামেৰেই তেওঁ সংস্কৃত বিহু-উৎসৱৰ এটি বৰ্ণনা লিখিছিল। এওঁ ৰুদ্ৰসিংহ (১৬৯৫-১৭১৪) আৰু শিৱসিংহ (১৭১৪-৪৪) দুইৰো ৰাজকবি আছিল। আৰু বৰজা” ফুলেশ্বৰীৰ আদেশত ১৭:১৪ ত শঙ্খচূড়বধ কাব্য লিখে? “সৌমাৰ পীঠৰ শিৱসিংহ অধিপতি। হৰি-হৰ চৰণত সদা যাৰ মতি॥ তাহন আছিল জায়া খুলেশ্বৰী নাম। পত্নীগণ মধ্যে শ্ৰেষ্ঠ গুণে অনুপাম॥ হে নৃপ মহিষীৰ আজ্ঞা শিৰে ধৰি। কবিৰাজ চক্ৰবৰ্ত্তী মতি অনুসৰি॥ পৰম সুদৰ ব্ৰহ্মকৈ পুৰাণ। বাসদেৱে বান্ধি আছা নানা উপাখ্যান। ধষৰুৰ মধ্যে সাৰ শচুড় নাম। পানৱৰ অধিপতি গুণে অনুপাম।" বাণী প্ৰমথেশ্বৰীৰ (ঘনকন্তি) আত্তত ১৭০৮ত ব্ৰহ্মবৈবৰ্ত পুৰাণৰ কৃষ্ণ জন্ম খণ্ড পদ এৱে লিখে। “ইশ বংশত ৰুদ্ৰসিংহ নৰপতি। সৌমাৰ দেশৰ পতি ভৈলা মহামতি॥ তাহাৰ প্ৰথম পুত্ৰ শিৱসিংহ, বাই। দেৱতা বিপ্ৰত ভক্তিমন্ত শুদ্ধ কায়॥ নামত প্ৰমথধী শুদ্ধ সূহ্ম জায়া। ইন্দ্ৰৰ ৰমনী যেন আদিত্যৰ ছাঁয়া॥ হেন শিৱসিংহ ৰাজা প্ৰমথ ঈশ্বৰী। মনুষ্য লোকত যেন শিৱ মহেশ্বৰী॥ তাহান আদেশ-মালা শিৰোগত কৰি। কবিৰাজ চক্ৰবৰ্তী মতি অনুসৰি॥